Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৭ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

৭ আগষ্ট (ইংৰাজী:7 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৯তম (অধিবৰ্ষত ২২০তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৬টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৪৬১ - মিং ৰাজবংশৰ আৰু চীনা সৈন্য়বাহিনীৰ সেনাপতি চাও কীনে চিয়ানচান সাম্ৰাজ্য়ৰ বিৰুদ্ধে থিয় দিয়ে।
  • ১৮৬৯ - আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
  • ১৯০৫ - বংগ বিভাজন ঘটিছিল।
  • ১৯০৫ - ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনায়।
  • ১৯৫৯ - লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল।
  • ১৯৬০ - পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
  • ১৯৯৬ - নাছাই মংগল গ্ৰহত জীৱ থকা আৰু বসবাস কৰিব পৰা সম্ভাৱনা ব্যক্ত কৰে।
  • ২০০৭ - শ্যাম বেনেগাললৈ ২০০৫ চনৰদাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
  • ২০২১ -নীৰজ চোপ্ৰাই '২০২০-গ্ৰীষ্মকালীন অলিম্পক'ত এথলেটিকছৰ পুৰুষৰ জেভলীন দলিওৱাত সোণৰ পদক পাই প্ৰথম ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰে। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰিছিল।

জন্ম

[সম্পাদনা কৰক]
  • ১৮৭৬ - মাতা হাৰি (ইংঃ Mata Hari), প্ৰকৃত নাম মাৰ্গাৰেটা গিৰট্ৰুইডা (গ্ৰিইৎজ) মেকলিঅ'ড জেলে এজনী নেডাৰলেণ্ডৰ নৰ্তকী আৰু গুপ্তচৰ। প্ৰথম বিশ্ব যুদ্ধত জাৰ্মানীৰ হৈ গুপ্তচৰ কৰা অভিযোগত ফ্ৰান্সে মৃত্যুদণ্ড প্ৰদান কৰিছিল।
  • ১৮৯৯ -ডিম্বেশ্বৰ নেওগ, প্ৰথিতযশা অসমীয়া সাহিত্যিক।
  • ১৯২৫ - এম এছ স্বামীনাথন, ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ।
  • ১৯৬৬ -জিম্মী ৱেলছ, আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১১০৬ - চতুৰ্থ হেনৰী, জাৰ্মানীৰ সম্ৰাট।
  • ১৮৪৮ - জনজ জেকব বাৰ্জেলিয়াছ, ছুইডেনৰ ৰসায়ন বিজ্ঞানী।
  • ১৯৪১ - কবিগুৰুৰবীন্দ্ৰনাথ ঠাকুৰ, সাহিত্যত ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
  • ১৯৫৭ - অলিভাৰ হাৰ্ডি, আমেৰিকান কৌতুক অভিনেতা, 'ল'ৰেল এণ্ড হাৰ্ডি' কথাছবিৰ বাবে জনাজাত।
  • ২০১৮ - এম কৰুণানিধি, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

দিৱস

[সম্পাদনা কৰক]
  • গণতন্ত্ৰ দিৱস (আইভৰী ক’ষ্ট)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সপ্তম তথা অন্তিম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=৭_আগষ্ট&oldid=373380"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp