Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৩ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

২৩ আগষ্ট (ইংৰাজী:23 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৫তম (অধিবৰ্ষত ২৩৬তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৬৬ - প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
  • ১৯৪২ -ষ্টেলিনগ্ৰাডৰ যুদ্ধ আৰম্ভ হয়। 'চিক্স জিৰ' জিৰ' লুফ্টৱাফ' বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত ৪০,০০০ সাধাৰণ লোকৰ মৃত্য়ু হয়।
  • ১৯৪৮ - বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল।
  • ১৯৫৯ -চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল।
  • ১৯৯১ - ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
  • ২০০৫ -মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন - ২০০৫ ( Mahatma Gandhi Employment Guarantee Act 2005) লোকসভাত অনুমোদন হয়, পিছতমহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(MGNREGS) হিচাপে নামকৰণ কৰা হয়।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ৬৩৪ -আবু বকৰ, হৰজত মহম্মদৰ শিষ্য়, ইছলাম ধৰ্মৰ প্ৰথম খলিফা।
  • ১৩০৫ - ৱিলিয়াম ৱালেছ, স্কটলেণ্ডৰ প্ৰথম স্বাধীনতা যুদ্ধৰ বীৰপুৰুষ, লণ্ডনত ইংৰাজে ফাঁচি দিছিল।
  • ১৮০৬ -চাৰ্লছ আগাষ্টিন ডি কুলম্ব (ইংঃ Charles-Augustin de Coulomb), বিখ্য়াত পদাৰ্থ বিজ্ঞানী,কুলম্বৰ সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯৪২ - গোৰাবাই কটিয়া, স্বাধীনতা সংগ্ৰামী, ইংৰাজ পুলিচে নৰছিহাপুৰৰ স্বাধীনতা আন্দোলনৰ সমদলত তেখেতক গুলীয়াই নিহত কৰে।
  • ১৯৮২ - ষ্টেনফ'ৰ্ড ম'ৰ, আমেৰিকাৰ নোবেল বিজয়ী জৈৱ-ৰসায়ন বিজ্ঞানী,ৰাইব'নিউক্লিয়াছৰ ওপৰত কৰা গৱেষণাৰ বাবে পাইছিল।
  • ১৯৯৪ -আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
  • ২০১৮ -কুলদীপ নায়াৰ, যশস্বী সাংবাদিক।

দিৱস

[সম্পাদনা কৰক]
  • ক্ৰীতদাস বাণিজ্য আৰু ইয়াৰ অৱসানৰ আন্তৰ্জাতিক স্মৃতি দিৱস।
  • ৰাষ্ট্ৰীয় পতাকা দিৱস (ইউক্ৰেইন)।

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


তথ্য়সূত্ৰ

[সম্পাদনা কৰক]
  1. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Sangeet - Dipak Sharma". Reocities.com. Archived fromthe original on 2016-02-02. https://web.archive.org/web/20160202215212/http://www.reocities.com/bipuljyoti/music/dipak_sharma.html। আহৰণ কৰা হৈছে: 2013-03-16. 
"https://as.wikipedia.org/w/index.php?title=২৩_আগষ্ট&oldid=515276"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp