Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১২ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৬

১২ আগষ্ট (ইংৰাজী:12 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলম - দ্বিতীয়ই বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
  • ১৮৩৩ - আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
  • ১৮৫১ - আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।
  • ১৯০৮ - হেনৰী ফোৰ্ড মটৰ কোম্পানীয়ে প্ৰথমখন মডেল টি (Model-T) গাড়ীৰ নিৰ্মাণ কৰিছিল।
  • ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককানীলমণি ফুকন
  • ১৯৮১ - আই বি এমে (ইং: IBM) তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ মুকলি কৰে।

জন্ম

[সম্পাদনা কৰক]
  • ১৫০৩ - ডেনমাৰ্ক আৰু নৰৱেৰ ৰজা খ্ৰীষ্টিয়ান - তৃতীয়ৰ জন্ম হৈছিল।
  • ১৯০৮ - অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতাৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
  • ১৯১৪ - তেজী বচ্চন, সমাজকৰ্মী, মহানায়ক অমিতাভ বচ্চনৰ মাতৃ।
  • ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানীবিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
  • ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
  • ১৯৮৮ - টাইছন ফিউৰি, অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
  • ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৬০২ -আকবৰনামাৰ আৰুআইন-ই-আকবৰীৰ লেখক, অনুবাদক, ইতিহাসবিদ, আকবৰৰ মন্ত্ৰী আৰুআকবৰৰ ৰাজসভাৰনৱৰত্ন সকলৰ এজন,অবুল ফজলৰ মৃত্যু হৈছিল।
  • ১৮২৭ - ৱিলিয়াম ব্লেক, ইংৰাজ কবি আৰু চিত্ৰকৰ।
  • ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰকজৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
  • ১৯১৪ - জন ফিলিপ হ'লেণ্ড, ছাবমেৰিনৰ আৰ্হি প্ৰস্তুত কৰোঁতা।
  • ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথাসাহিত্যন'বেল বঁটা বিজয়ীটমাছ মানৰ মৃত্যু হৈছিল।
  • ১৯৮২ - ভাৰতৰ বিশিষ্ট ইতিহাসবিদ, সংস্কৃত আৰু হিন্দী প্ৰবন্ধ লিখক ভগৱত চৰণ উপাধ্যায়ৰ মৃত্যু হৈছিল।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১২ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=১২_আগষ্ট&oldid=290562"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp