স্কাইপ (ইংৰাজী:Skype;/[invalid input: 'icon']ˈskaɪp/) হ'ল ভি অ’ আই পি (ভইচ অভাৰ আই পি) সঁজুলি যিয়ে দুটা ভইছ চেনেলৰ মাজত সংযোগ স্থাপন কৰে৷ স্কাইপ যি কোনো ব্যক্তিয়ে ডাউন ল'ড কৰি নিজৰ কম্পিউটাৰত স্থাপন কৰিব পাৰে, আৰু তেওঁলোকেকম্পিউটাৰটো এটা ফোনৰ দৰে ব্যৱহাৰ কৰিব পাৰে৷ এটানেটৱৰ্কত থকা এজন স্কাইপ ব্যৱহাৰকাৰীয়ে আন এজন স্কাইপ ব্যৱহাৰকাৰীলৈ বিনামূল্যে কথা বাতা পাতিব পাৰে৷ বতমানলৈকে স্কাইপ ব্যৱহাৰকাৰীৰ সংখ্যা এক নিযুত ৰ সীমা অতিক্ৰম কৰিছে৷ স্কাইপে দূৰণিৰ ফোনসমূহ অতি কম মূল্যত আৰু উন্নত মানৰ যোগান ধৰে৷ স্কাইপৰ জৰিয়তে আমি ফোন কলসমূহ প্ৰয়োজন অনুসাৰে সংৰক্ষন কৰিব পাৰো ও কেবাজনৰ কথা আমি একে সময়ত পাতিব পাৰোঁ৷