Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

লিটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিটাৰ

এক লিটাৰ পৰিমাণ হ'ল এক ঘনক্ষেত্ৰৰ আয়তন যাৰ প্ৰতিটো বাহু ১০ চেণ্টিমিটাৰৰ
এককটোৰ তথ্য
একক পদ্ধতিNon-SI unit accepted for use with SI
কিহৰ এককআয়তন
সংকেতলি. বা l[1] (ℓ) অথবা L[1]
এছ আই পদ্ধতিত1 L = 10−3m3

লিটাৰ (ইংৰাজীত Litre বা Liter) হ'লমেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্ৰ পৃথিৱীতে ওজন, দৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্ৰিক পদ্ধতি)। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l[1] অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ ঘন ডেচিমিটাৰ (dm3), ১,০০০ ঘন চেণ্টিমিটাৰ (cm3) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০ চেমি × ১০ চেমি × ১০ চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান। সাধাৰণতে জুলীয়া বস্তু যেনেঃ পানী, গাখীৰ, তেল ইত্যাদিৰ পৰিমাণ প্ৰকাশ কৰিবৰ বাবে এই লিটাৰ এককৰ ব্যৱহাৰ কৰা হয়।

ফৰাচী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাচী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল[2] আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াকএছ আই পদ্ধতিত ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।[3] কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ আই একক হ'ল ঘন মিটাৰ (m3)।

সংজ্ঞা আৰু সমতুল্য হিচাপ

[সম্পাদনা কৰক]

সংজ্ঞা

[সম্পাদনা কৰক]

এক লিটাৰ বুলিলে ১ ঘন ডেচিমিটাৰ আয়তনক বুজায়। (১ L = ১ dm³).

  • ১ L = ০.০০১ m³

পূৰ্বে ১ লিটাৰ বুলিলে প্ৰমাণ তাপমাত্ৰা আৰ চাপৰ ১কিলোগ্ৰাম বিশুদ্ধ পানীৰ আয়তনক বুজোৱা হৈছিল। মেট্ৰিক পদ্ধতিৰ আয়তনৰ মূল একক হৈছে লিটাৰ।

সমতূল্য হিচাপ

[সম্পাদনা কৰক]

এটি ঘনবস্তু, যাৰ প্ৰতিটো ধাৰৰ দৈৰ্ঘ্য ১০ চেণ্টিমিটাৰ, তাৰ আয়তন ১ লিটাৰৰ সমান। ১ ঘনফুটত প্ৰায় ২৭ লিটাৰ হৈ থাকে।

লিটাৰৰ আগত যুক্ত হোৱা এছ আই প্ৰেফিক্স

[সম্পাদনা কৰক]

লিটাৰ শব্দৰ আগত বিভিন্ন এছ আই বিশেষণ যুক্ত কৰি বিভিন্ন পৰিমাণৰ আয়তন বুজোৱা হয়। যেনে:

MultipleNameSymbolsMultipleNameSymbols
১০লিটাৰlL   
১০ডেকালিটাৰdaldaL১০−১ডেচিলিটাৰdldL
১০হেক্টোলিটাৰhlhL১০−২চেণ্টিলিটাৰclcL
১০কিলোলিটাৰklkL১০−৩মিলিলিটাৰmlmL
১০মেগালিটাৰMlML১০−৬মাইক্ৰ'লিটাৰµlµL
১০গিগালিটাৰGlGL১০−৯নেন'লিটাৰnlnL
১০১২টেৰালিটাৰTlTL১০−১২পিকোলিটাৰplpL
১০১৫পেটালিটাৰPlPL১০−১৫ফেমটোলিটাৰflfL
১০১৮এক্সালিটাৰElEL১০−১৮অ্যাটোলিটাৰalaL

নামৰ উৎস

[সম্পাদনা কৰক]

লিটাৰ শব্দটি আহিছে ফৰাচী একক লিট্ৰোঁৰ পৰা। ১৭৯৫ চনত পোন প্ৰথম ফ্ৰান্সতেই এই লিটাৰ এককটি প্ৰজাতান্ত্ৰিক ভাৱে ব্যৱহাৰ হৈছিল আৰু ই ১ঘন ডেচিমিটাৰ বুজাইছিল।[4]এক লিটাৰ পানীৰ ভৰ প্ৰায় এক কিলোগ্ৰামৰ সমান কিয়নো ১৭৯৫ চনত এক গ্ৰাম ওজনক, বৰফৰ গলনাংকৰ উত্তাপত থকা এক ঘন চেণ্টিমিটাৰ পানীৰ ভৰৰ সৈতে সমান বুলি পোৱা গৈছিল। মূল ডেচিমিটাৰৰ দৈঘ্য আছিল ৪৪.৩৪৪ লিগীন্স, ইয়াক ১৭৯৮ চনত ৪৪.৩২৯৬ লিগীন্সলৈ সংশোধিত কৰা হয়। ইয়াৰ পৰাই আজিৰ ঘন ডেচিমিটাৰ, প্ৰকৃত ১.০০০৯৭৪ লিটাৰ বুলি পোৱা গৈছে আৰু ইয়াৰ দ্বাৰাই এক কিলোগ্ৰামৰ ধাৰণাটো পোৱা গৈছে।[4]

অন্যান্য মেট্ৰিক হিচাপৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]
আয়তন
  • ১ µL (মাইক্ৰ'লিটাৰ) = ১ mm³ (ঘন মিলিমিটাৰ)
  • ১ mL (মিলিলিটাৰ) = ১ cm³ (ঘন চেণ্টিমিটাৰ)
  • ১ ঘনফুট পানী = ২৮.৩ লিটাৰ =৭.৫ গেলন =৬২.৪ পাউণ্ড =২৮.৩ কেজি।
  • ১ ঘনমিটাৰ পানী =১০০০ লিটাৰ = ১০০০ কেজি।
  • ১ ঘন চেণ্টিমিটাৰ পানী = ১ মিলিলিটাৰ= ১ গ্ৰাম।
দৈৰ্ঘ্য (দূৰত্ব)
  • ১ চেণ্টিমিটাৰ = ১০ মিলিমিটাৰ = ০.৩৯ ইঞ্চি।
  • ১ মিটাৰ = ১০০ চেণ্টিমিটাৰ = ১০০০ মিলিমিটাৰ = ৩৯.৩৭ ইঞ্চি = ১.০৯ গজ = ২.১৯ হাত।
  • ১ কিলোমিটাৰ = ১০০০ মিটাৰ = ০.৬২ মাইল = ১০৯০ গজ।

পৰিৱৰ্তন

[সম্পাদনা কৰক]

এক লিটাৰ

{\displaystyle \approx } 0.87987699 ইম্পেৰিয়েল কোৱাৰ্ট
Inverse: এক ইম্পেৰিয়েল কোৱাৰ্ট ≡ 1.1365225 লিটাৰ
{\displaystyle \approx } 1.056688 আমেৰিকান তৰল কোৱাৰ্ট
Inverse: এক আমেৰিকান তৰল কোৱাৰ্ট ≡ 0.946352946 লিটাৰ
{\displaystyle \approx } 0.2641720523 আমেৰিকান তৰল গেলন
Inverse: এক আমেৰিকান তৰল গেলন ≡ 3.785411784 লিটাৰ
{\displaystyle \approx } 0.0353146667 ঘন ফুট
Inverse: এক ঘন ফুট ≡ 28.316846592 লিটাৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.01.11.2International Bureau of Weights and Measures (2006), The International System of Units (SI) (8th সম্পাদনা), p. 124, ISBN 92-822-2213-6, http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf 
  2. Collins English Dictionary
  3. Bureau International des Poids et Mesures, 2006, p. 124. ("Days" and "hours" are examples of other non-SI units that SI accepts.)
  4. 4.04.1"Décret relatif aux poids et aux mesures du 18 germinal an 3 (7 avril 1795)" (French ভাষাত). Association Métrodiff. 7 April 1795. Archived fromthe original on 24 June 2018. https://web.archive.org/web/20180624010402/http://www.metrodiff.org/cmsms/index.php?page=18_germinal_an_3। আহৰণ কৰা হৈছে: 5 November 2019. "Litre, la mesure de capacité, tant pour les liquides que pour les matières sèches, dont la contenance sera celle du cube de la dixièrne partie du mètre."  English translation: ‘Litre: unit of capacity for both liquids and solids which will be equivalent to a cube of [with sides] one tenth of a metre.’
"https://as.wikipedia.org/w/index.php?title=লিটাৰ&oldid=497345"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp