Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

লাডাখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Placeসাঁচ:SHORTDESC:Place
লাডাখ
লেহ চহৰৰ দৃশ্য
লেহ চহৰৰ দৃশ্য
ভাৰতত লাডাখৰ অৱস্থান
ভাৰতত লাডাখৰ অৱস্থান
স্থানাংক:34°10′12″N77°34′48″E / 34.17°N 77.58°E /34.17; 77.58স্থানাংক:34°10′12″N77°34′48″E / 34.17°N 77.58°E /34.17; 77.58
দেশভাৰত
অঞ্চল৮ ফেব্ৰুৱাৰী ২০১৯
কেন্দ্ৰীয় শাসিত অঞ্চল৩১ অক্টোবৰ ২০১৯(প্ৰস্তাবিত)[1]
সদৰলেহ[2]
জিলাকাৰ্গিল জিলা, লেহ জিলা
কালি
 • মুঠ
৫৯,১৪৬ বৰ্গকিমি (২২,৮৩৬ বৰ্গমাইল)
সৰ্বোচ্চ উচ্চতা৭,৭৪২ মিটাৰ (২৫,৪০০ ফুট)
সৰ্বনিম্ন উচ্চতা২,৫৫০ মিটাৰ (৮,৩৭০ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
২,৭৪,২৮৯
 • ঘনত্ব৪.৬/km (১২/sq mi)

লাডাখ উত্তৰভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকাকাৰাকোৰাম ৰেঞ্জৰচিয়াচেনৰ পৰা দক্ষিণতহিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।[5][6] লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।

ঐতিহাসিকভাৱে লাডাখেবালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশপাকিস্তানত আছে), উজনিসিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশেতিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰেচীনচিঞ্জিয়াং আছে।

ৰাজনৈতিক দখল

[সম্পাদনা কৰক]

আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল।[7] এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলকজম্মু-কাশ্মীৰৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজতআক্সাই চিন আৰুঅৰুণাচল প্ৰদেশক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।[8]

অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ত্ব আছিল এই ক্ষেত্ৰৰ।[9] কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰুমধ্য এছিয়াৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।

জনসংখ্যা আৰু অন্যান্য তথ্য

[সম্পাদনা কৰক]

লাডাখৰ বৃহত্তম চহৰলেহ আৰু তাৰ পাছতেই আছেকাৰ্গিল[10] লাডাখৰ ৩৯.৭% মানুহ তিব্বতীবৌদ্ধ ধৰ্মাৱলম্বী, ১২.১%হিন্দু আৰু ৪৬.৪% লোকমুছলমান (মূলতঃ শ্বিয়া)[11] অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰতশিখ অন্যতম।[12]

কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা

[সম্পাদনা কৰক]

লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰ পৰা লাডাখকজম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাডাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাডাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।[13][14] ফেব্ৰুৱাৰী ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯তভাৰতীয় সংসদৰ দুয়ো সদনে গৃহীত কৰাএক বিল অনুযায়ী লাডাখ জম্মু-কাশ্মীৰৰ পৰা পৃথক এককেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।[15]

টোকা

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The Gazette of India
  2. Ladakh Gets Civil Secretariat
  3. "MHA.nic.in". MHA.nic.in. Archived fromthe original on 8 December 2008. https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306। আহৰণ কৰা হৈছে: 21 June 2012. 
  4. "Saltoro Kangri, India/Pakistan". peakbagger.com. https://www.peakbagger.com/peak.aspx?pid=10533। আহৰণ কৰা হৈছে: 2019-08-09. 
  5. Jina, Prem Singh (1996). Ladakh: The Land and the People. Indus Publishing. ISBN 978-81-7387-057-6. 
  6. "In Depth-the future of Kashmir". BBC News. http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm। আহৰণ কৰা হৈছে: 16 April 2013. 
  7. "Fantasy frontiers". The Economist. 8 February 2012. https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes। আহৰণ কৰা হৈছে: 24 September 2014. 
  8. "India-China Border Dispute". GlobalSecurity.org. http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm. 
  9. Rizvi, Janet (2001). Trans-Himalayan Caravans – Merchant Princes and Peasant Traders in Ladakh. Oxford India Paperbacks. 
  10. Osada et al. (2000), p. 298.
  11. S, Kamaljit Kaur; DelhiJune 4, hu New; June 4, 2019UPDATED:; Ist, 2019 20:00. "Government planning to redraw Jammu and Kashmir assembly constituency borders: Sources". https://www.indiatoday.in/india/story/government-toys-with-delimitation-commission-in-j-k-1542446-2019-06-04. 
  12. Rizvi, Janet. Ladakh — Crossroads of High Asia. 
  13. "Kargil Council For Greater Ladakh". The Statesman, 9 August 2003. 2003. http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html। আহৰণ কৰা হৈছে: 22 August 2006. 
  14. Loram, Charlie (2004). Trekking in Ladakh. Trailblazer Publications. 
  15. "Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill". https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html. 
প্ৰ    
ৰাজ্য
কেন্দ্ৰীয় শাসিত অঞ্চল


উদ্ধৃতি ত্ৰুটি:<ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ<references group="টোকা"/> টেগ্‌ পোৱা নগ'ল

"https://as.wikipedia.org/w/index.php?title=লাডাখ&oldid=236379"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp