Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

মৃগয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্পেইনৰ মৃগয়াৰনৱ-প্ৰস্তৰ কালৰ চিত্ৰ
দেৱী ডায়েনাৰ চিকাৰক চিত্ৰিত কৰা ৰোমান মোজাইক

মৃগয়া বামৃগ চিকাৰ (পহু চিকাৰ) (ইংৰাজী:Deer hunting) হ'ল মাংস আৰু ক্ৰীড়াৰ বাবে কৰা হৰিণ বা মৃগৰ চিকাৰ। ই এনে এক কাৰ্য্য যি দহ হাজাৰ বছৰ পুৰণি। ভেনিছন অৰ্থাৎ হৰিণৰ মাংস হ'ল প্ৰাণী প্ৰ'টিনৰ এক পুষ্টিকৰ আৰু প্ৰাকৃতিক খাদ্য উৎস আৰু ইয়াক মৃগয়াৰ দ্বাৰা লাভ কৰিব পৰা যায়। বিশ্বত বিভিন্ন প্ৰকাৰৰ মৃগ আছে যিবোৰ মাংসৰ বাবে চিকাৰ কৰা হয়। ক্ৰীড়াৰ বাবে প্ৰায়ে চিকাৰীয়ে সৰ্ববৃহৎ আৰু সৰ্বাধিক শিংৰ হৰিণক হত্যা কৰিবলৈ চেষ্টা কৰে। শিঙৰ দুটা ভিন্ন শ্ৰেণী আছে: সাধাৰণ আৰু অস্বাভাৱিক। তেওঁলোকে শিঙৰ দৈৰ্ঘ্য, ভৰ আদি জোখে। তেওঁলোকে নম্বৰ লাভৰ বাবে এই সকলোবোৰ মান যোগ কৰে। এই নম্বৰটো হ'ল কৰ্তনৰ অবিহনে লাভ কৰা নম্বৰ (score without deductions)। যেতিয়া এটা শিঙৰ দৈৰ্ঘ্য বিপৰীত শিঙৰ সমান নহয়, তেতিয়া নম্বৰ হ্ৰাস কৰা হয়। এই নম্বৰটো হ'ল কৰ্তনৰ পিছত নম্বৰ (deducted score)।[1]

হৰিণৰ চিকাৰ হৈছে বহুতো অঞ্চলত এক নিয়ন্ত্ৰিত কাৰ্যকলাপ।আমেৰিকা যুক্তৰাষ্ট্ৰত মৎস্য আৰু বন্যপ্ৰাণী বিভাগ (DFW) বা প্ৰাকৃতিক সম্পদ বিভাগ (DNR) ৰ দৰে ৰাজ্যিক চৰকাৰী সংস্থাসমূহে এই নিয়মাৱলীসমূহ পৰ্যবেক্ষণ কৰে।ব্ৰিটেইনত চিকাৰ কৰিবলৈ .243 কেলিবাৰতকৈ (6mm) সৰু ব'ৰৰ ব'ৰ্ড বা ৰাইফল ব্যৱহাৰ কৰাটো অবৈধ।[2]

নিউজিলেণ্ড

[সম্পাদনা কৰক]

নিউজিলেণ্ডত ১০ প্ৰজাতিৰ মৃগ স্থাপন কৰা হৈছে। ১৮৫০ৰ দশকৰ পৰা, ৰঙা মৃগ, তাৰ পিছত ফাল্ল',শৰপহু, ৱপিটি, ছিকা, ৰুছা, আৰু হোৱাইটটেল প্ৰজাতিৰ পহু মুকলি কৰা হয়। অৱশ্যে এক্সিছ আৰু মুছ প্ৰজাতিয়ে বৃদ্ধি লাভ কৰাত ব্যৰ্থ হয় আৰু বিলুপ্ত হৈ যায়। পহুৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাকৃতিক চিকাৰীৰ অভাৱত থলুৱা উদ্ভিদত পৰা ইয়াৰ প্ৰভাৱৰ বাবে ইহঁতক একপ্ৰকাৰ প্ৰদূষক হিচাপে গণ্য কৰা হৈছিল। ১৯৫০ৰ দশকৰ পৰা, চৰকাৰে পহুৰ জনসংখ্যা হ্ৰাস কৰিবলৈ পেছাদাৰী চিকাৰী নিয়োগ কৰিছিল। নিউজিলেণ্ডৰ Deerstalkers' Association-এ ৰাষ্ট্ৰীয় পৰ্যায়ত কৰা আয়োজন আৰু প্ৰচাৰৰ বাবে মৃগয়া বা পহু চিকাৰ এতিয়া এক মনোৰঞ্জনমূলক কাৰ্য্য।[3]

অষ্ট্ৰেলিয়া

[সম্পাদনা কৰক]

অষ্ট্ৰেলিয়াত ছয় প্ৰজাতিৰ পহু চিকাৰৰ বাবে উপলব্ধ। এইসমূহ হ'ল ফাল্ল', ৰঙা পহু,শৰপহু, ৰুছা, চিতাল আৰু হগ ডিয়াৰ।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. SPENCER, ERIC (2021-09-21). "How to Score a Deer: The Antler Scoring System" (en-US ভাষাত). Ambush Hunting Blinds. https://ambushhuntingblinds.com/antler-scoring-system/। আহৰণ কৰা হৈছে: 2022-02-20. 
  2. "Deer Act 1963 Chapter 36".The National Archives. Schedule 2: "Prohibited Firearms and Ammunition". 1963. Accessed March 2, 2021.
  3. "Hunting today".Te Ara Encyclopedia of New Zealand. 
  4. Game Council NSWArchived May 19, 2009, at theWayback Machine

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সতমৃগয়া সম্পৰ্কীয় মিডিয়া ফাইল।

"https://as.wikipedia.org/w/index.php?title=মৃগয়া&oldid=335281"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp