Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

মহাসাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rotating series of maps showing alternate divisions of the oceans
পৃথিৱীৰ সামুদ্ৰিক জলভাগক প্ৰদৰ্শন কৰা মানচিত্ৰ, ‘বিশ্ব মহাসাগৰ’-ক কেইবাটাও অঞ্চলতভাগ কৰা হৈছে। সচৰাচৰ পাঁচ মহাসাগৰৰ বিভাজনক মানি লোৱা হয়:প্ৰশান্ত,আটলাণ্টিক,ভাৰত,উত্তৰ, আৰুদক্ষিণ; শেষৰ দুখনক কেতিয়াবা প্ৰথম তিনিখনৰ অংশ ৰূপে গণ্য কৰা হয়।

মহাসাগৰ (ইংৰাজী:Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যিপৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰুসাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।[1] অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়। মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ (১৩,৯৯৯ ফুট)-তকৈ বেছি।[2] বৈজ্ঞানিকসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হ'ব পাৰে।[3]

পৰিচিতি

[সম্পাদনা কৰক]

প্ৰচলিতভাৱে বিভিন্ন ধৰণৰ মহাসাগৰৰ নাম দেখা যায়। কিন্তু এই সকলোবোৰ মহাসাগৰ হৈছে এক আন্তঃসংযোগকৃত লৱণাক্ত জলৰাশিৰ অংশ। এই জলৰাশিক ‘বিশ্ব মহাসাগৰ’ ৰূপে নামকৰণ কৰা হয়।[4][5] মহাসাগৰ মূলতঃ এখনেই।ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশত বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে -মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):

  1. প্ৰশান্ত মহাসাগৰ:আমেৰিকাএছিয়া আৰুঅষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে।
  2. আটলাণ্টিক মহাসাগৰ: আমেৰিকাকইউৰেছিয়া আৰুআফ্ৰিকাৰ পৰা বিভক্ত কৰিছে।
  3. ভাৰত মহাসাগৰ:দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে।
  4. দক্ষিণ মহাসাগৰ বাএণ্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাপে গণ্য কৰা হয়[6] যিএণ্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে।
  5. উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাপে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰুউত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে।



চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]
  • Indian Ocean, Sri Lanka
    Indian Ocean, Sri Lanka
  • Pacific Ocean
    Pacific Ocean
  • Surface of the Atlantic ocean.
    Surface of the Atlantic ocean.
  • Waves on an ocean coast.
    Waves on an ocean coast.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Ὠκεανός,Henry George Liddell, Robert Scott,A Greek–English Lexicon, at Perseus project
  2. "How deep is the ocean?". National Oceanic and Atmospheric Administration. http://oceanservice.noaa.gov/facts/oceandepth.html। আহৰণ কৰা হৈছে: 2011-12-03. 
  3. Drogin, Bob (October 24, 2003). "Census of Marine Life maps an ocean of species". Los Angeles Times. http://www.latimes.com/new/la-na-fish2-2009aug02,0,5785256.story?page=1&track=ntothtml। আহৰণ কৰা হৈছে: August 18, 2009. 
  4. "OceanArchived 2011-01-26 at theWayback Machine".The Columbia Encyclopedia. 2002. New York: Columbia University Press
  5. "Distribution of land and water on the planet".UN Atlas of the Oceans
  6. "Limits of Oceans and Seas, 3rd edition". International Hydrographic Organization. 1953. Archived fromthe original on 8 October 2011. https://web.archive.org/web/20111008191433/http://www.iho-ohi.net/iho_pubs/standard/S-23/S23_1953.pdf। আহৰণ কৰা হৈছে: 7 February 2010. 

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Matthias Tomczak and J. Stuart Godfrey. 2003.Regional Oceanography: an Introduction. (seethe siteArchived 2007-06-30 at theWayback Machine)
  • Pope, F. 2009. From eternal darkness springs cast of angels and jellied jewels.inThe Times. November 23. 2009 p. 16–17.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সতমহাসাগৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
"https://as.wikipedia.org/w/index.php?title=মহাসাগৰ&oldid=382512"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp