Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

ব্ৰাজিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল
República Federativa do Brasil  (Script error: The function "name_from_code" does not exist.)
নীতিবাক্য
"Ordem e Progresso"
পৰ্টূগীজ
(অসমীয়া: "শৃংখলা আৰু প্ৰগতি")
ৰাষ্ট্ৰীয় সঙ্গীত
noicon

(ব্ৰাজিলৰ জাতীয় সংগীত))
পৰ্টূগীজ
(অসমীয়া: ব্ৰাজিলৰ জাতীয় সংগীত)
ৰাষ্ট্ৰীয় মোহৰ
ৰাষ্ট্ৰীয় মোহৰ
পৰ্টূগীজ
(ইংৰাজী: "National Seal of Brazil")
ব্ৰাজিল-ৰ অৱস্থান
ব্ৰাজিল-ৰ অৱস্থান
ৰাজধানী(ব্ৰাছিলিয়া)
15°47′S47°52′W / 15.783°S 47.867°W /-15.783; -47.867
বৃহত্তম নগৰচাও পাওল'
ৰাষ্ট্ৰভাষা (সমূহ)পৰ্তুগীজ[1]
জনগোষ্ঠীসমূহ (2010[2])47.73%শ্বেতাংগ
43.13%Brown (Multiracial)
7.61%কৃষ্ণাংগ‍
1.09%এছীয়
0.43%আমেৰিকান-ইণ্ডিয়ান
জাতীয়তাসূচক বিশেষণBrazilian
চৰকাৰFederalpresidentialconstitutional republic
 - ৰাষ্ট্ৰপতিDilma Rousseff (PT)
 - উপ-ৰাষ্ট্ৰপতিMichel Temer (PMDB)
 - President of the Chamber of DeputiesMarco Maia (PT)
 - President of the SenateJosé Sarney (PMDB)
 - President of the Supreme Federal CourtAyres Britto
IndependencefromUnited Kingdom of Portugal, Brazil and the Algarves 
 - Declared7 September 1822 
 - Recognized29 August 1825 
 - Republic15 November 1889 
 - Current constitution5 October 1988 
মাটিকালি
 - Total৮৫,১৪,৮৭৭ বৰ্গ কিমি (5th)
৩২,৮৭,৫৯৭ বৰ্গ মাইল 
 - জলভাগ (%)০.৬৫ (৫৫,৩৪৭ বৰ্গ কিমি)
জনসংখ্যা
 - 2012[4] আনুমানিক১৯,৩৯,৪৬,৮৮৬ 
 - ২০১০ লোকপিয়ল১৯,০৭,৩২,৬৯৪'"`UNIQ--ref-০০০০০০০২-QINU`"' (৫th)
জিডিপি (পিপিপি)2011 আনুমানিক
 - মুঠ$2.294 trillion[5] (7th)
 - জনমুৰি$11,769[5] (75th)
জিডিপি (নামমাত্ৰ)2011 আনুমানিক
 - মুঠ$2.493 trillion[5] (6th)
 - জনমুৰি$12,788[5] (53rd)
জিনি সহগ? (2012)51.9[6] 
মানৱ উন্নয়ন সূচক (2011)0.718[7] (high) (84th)
মুদ্ৰাReal (R$) (BRL)
সময় অঞ্চলBRT(ইউটিচি−2 to −4)
 - গ্ৰীষ্মকালীন (ডিএছটি)BRST (ইউটিচি−2 to −4)
তাৰিখ বিন্যাসdd/mm/yyyy (CE)
গাড়ী চলোৱা হয়right
ইণ্টাৰনেট টিএলডি.br
কলিং ক'ড++55

ব্ৰাজিল, যাৰ আধিকাৰিক নামফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল,দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ো দিশৰ পৰাই ই পৃথীৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন।[8][9] তদুপৰি ব্ৰাজিল আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজভা‍ষী দেশ।[8]

পূব দিশতআটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ তটৰেখা ৭৪৯১ কি.মি. দীঘল।[8] উত্তৰেভেনিজুৱেলা,গায়ানা, ছুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাচী উপনিবেশ, উত্তৰ-পশ্চিমেকলম্বিয়া, পশ্চিমেব'লিভিয়া আৰুপেৰু, দক্ষিণ-পশ্চিমেআৰ্জেণ্টিনা আৰুপাৰাগুৱে আৰু দক্ষিণেউৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্‌‌হা (ইংৰাজী:Fernando de Noronha), ৰ’কাছ এটল (ইংৰাজী:Rocas Atoll), ছেইণ্ট পিটাৰ আৰু প’ল ৰক্স (ইংৰাজী:Saint Peter and Paul Rocks), আৰু ট্ৰিণ্ডাডে আৰু মাৰ্টিম ভাজ (ইংৰাজী:Trindade and Martim Vaz) আদি বহুতো দ্বীপপুঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত।[8]ইকুৱেডৰ আৰুচিলিৰ বাদে সকলোদক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।

১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেছ কাব্ৰালে (ইংৰাজী:Pedro Álvares Cabral) এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিলপৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখনৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “পৰ্তুগাল, ব্ৰাজিল আৰু এল্‌গাৰ্ভ্‌ছ সংযুক্ত ৰাজতন্ত্ৰ (ইংৰাজী:United Kingdom of Portugal, Brazil and the Algarves) প্ৰতিষ্ঠা হয়। ১৮০৮ চনতনাপ’লেয়পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানীলিছ্‌বনৰ পৰাৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোঁটবন্ধন ভাগি যায়।[10] ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথমসংবিধানৰ দিনৰ পৰা চলি আহিছিল।[10] ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।[11]২৬খন প্ৰদেশ আৰু ৫৫৬৪টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।[11][12]

নমিনেল জি.ডি.পি.-ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ (ইংৰাজী:Purchasing Power Parity) আধাৰত ৭ম(২০১১ চনত)।[13][14] ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষিপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতিবিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে।[15] ব্ৰাজিলৰাষ্ট্ৰসংঘ, জি ২০ (ইংৰাজী:G20), চি.পি.এল.পি. (ইংৰাজী:CPLP), লেটিন সংঘ (ইংৰাজী:Latin Union), Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমূহৰ সংগঠন’ (ইংৰাজী:Organization of American States), মাৰ্ক’ছুল (ইংৰাজী:Mercosul) আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ (ইংৰাজী:Union of South American Nations) আদিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে, (ইংৰাজী:BRIC) দেশসমূহৰো এখন। ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ, প্ৰাকৃতিক পৰিৱেশৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়।[8] নিশ্চিতভাৱে পৰিচিত ৬৭টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples) বাসস্থান।[16]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়। .পৰ্তুগীজ ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়। .[17][18][19] ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমাণে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাচী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰিছিল।[20]

প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।

পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।

ইতিহাস

[সম্পাদনা কৰক]

পৰ্তুগীজ উপনিবে‍শ হিচাপে

[সম্পাদনা কৰক]
১৫০০ চনৰ ব্ৰাজিলৰ প্ৰথম খ্ৰীষ্টান সমাৰোহ

১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত,Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়।[21] পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল।[22] যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাটDomJoão III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে।[23][24]পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।[24][25]পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয়[26] আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।[27][28] ১৬শ শতিকাৰ মাজভগলৈচেনি ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয়[22][29] আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে।[30][31][27][32]

ফ্ৰান্সৰ সৈতে একেৰাহে হৈ থকা যুদ্ধৰ পৰিপ্ৰক্ষিততো, পৰ্তুগীজ সকলে লাহে লাহে এই ভূখণ্ডত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰে আৰু ১৫৬৭ খ্ৰীষ্টাব্দত দক্ষিণ-পূবৰৰিঅ’ ডে জেনিৰ’ আৰু ১৬১৫ চনত উত্তৰ পূবৰ চাও লুইচ নিজৰ দখললৈ আনে।[33] তেওঁলোকে আমাজনৰবৰ্ষাৰণ্যত সামৰিক অভিযান চলাই ইংৰাজ আৰু ডাচ্ছ সকলৰ শক্তিশালী অধিকাৰ থকা অঞ্চলসমূহতো নিজৰ স্থিতি সবল কৰি তোলে।[34] আৰু ১৬৬৯ চনৰ পৰা বিভিন্ন ঠাইত নিজৰ সৰু সুৰা চহৰ আৰু দুৰ্গ প্ৰতিষ্ঠা কৰে[35] ১৬৮০ চনত তেওঁলোকে এই ভুখণ্ডৰ দক্ষিণতম সীমালৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে আৰু পূব তীৰবৰ্তী অঞ্চলত কলনিয়া ডেল চাক্ৰামাণ্টো চহৰৰ প্ৰতিষ্ঠা কৰে।[36] ১৭ শ শতিকাৰ শেষৰ ফালেচেনিৰ ৰপ্তানি ক্ৰমাগত ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে,[37] কিন্তু ১৬৯০ৰ আৰম্ভণিতে সোণৰ খনিৰ আৱিষ্কাৰে এই উপনিবেশক অৱশ্যম্ভাৱী ধ্বংসৰ পৰা ৰক্ষা কৰে।[38] ব্ৰাজিলৰ সকলো স্থানৰ লগতে পৰ্তুগালৰ পৰাও এই খনি বিলাকলৈ প্ৰব্ৰজন আৰম্ভ হয়।[39]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Demographics". Brazilian Government. 2011. http://www.brasil.gov.br/sobre/brazil/brazil-in-numbers/demographics। আহৰণ কৰা হৈছে: 2011-10-08.  (ইংৰাজী)
  2. "Caracteristicas da População e dos Domicílios do Censo Demográfico 2010 — Cor ou raça" (PDF). http://www.ibge.gov.br/home/estatistica/populacao/censo2010/caracteristicas_da_populacao/tabelas_pdf/tab3.pdf। আহৰণ কৰা হৈছে: 2012-04-07. 
  3. IBGE.Censo 2010: população do Brasil é de 190.732.694 pessoas.
  4. IBGE.2011 Population Projection
  5. 5.05.15.25.3"Brazil". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=48&pr.y=11&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=223&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 2012-04-17. 
  6. Country Comparison to the World: Gini Index – BrazilArchived 2009-05-13 at theWayback MachineThe World Factbook. Retrieved on 2012-04-03.
  7. UNDP Human Development Report 2011. "Table 1: Human development index 2011 and its components" (PDF). UNDP. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 2011-12-04. 
  8. 8.08.18.28.38.4"Geography of Brazil". Central Intelligence Agency. 2008. Archived fromthe original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03. 
  9. "People of Brazil". Central Intelligence Agency. 2008. Archived fromthe original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03. 
  10. 10.010.1"Introduction of Brazil". Central Intelligence Agency. 2008. Archived fromthe original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03. 
  11. 11.011.1"Brazilian Federal Constitution" (Portuguese ভাষাত). Presidency of the Republic. 1988. http://www.planalto.gov.br/ccivil_03/Constituicao/Constituiçao.htm। আহৰণ কৰা হৈছে: 2008-06-03. "Brazilian Federal Constitution". v-brazil.com. 2007. http://www.v-brazil.com/government/laws/titleI.html। আহৰণ কৰা হৈছে: 2008-06-03. "Unofficial translate" 
  12. "Territorial units of the municipality level" (Portuguese ভাষাত). Brazilian Institute of Geography and Statistics. 2008. http://www.sidra.ibge.gov.br/bda/territorio/tabunit.asp?n=6&t=2&z=t&o=4। আহৰণ কৰা হৈছে: 2008-06-03. 
  13. "World Development Indicators database" (PDF file), World Bank, 7 October 2009.
  14. "CIA – The World Factbook – Country Comparisons – GDP (purchasing power parity)". Cia.gov. Archived fromthe original on 4 June 2011. https://web.archive.org/web/20110604195034/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2001rank.html। আহৰণ কৰা হৈছে: 25 January 2011. 
  15. Clendenning, Alan (2008-04-17). "Booming Brazil could be world power soon". USA Today – The Associated Press. পৃষ্ঠা 2. http://www.usatoday.com/money/economy/2008-04-17-310212789_x.htm। আহৰণ কৰা হৈছে: 2008-12-12. 
  16. "Brazil sees traces of more isolated Amazon tribes", Reuters
  17. CNRTL – Centre National de Ressources Textuelles et Lexicalesফৰাছী
  18. Michaelis – Moderno Dicionário da Língua Portuguesaপৰ্টূগীজ
  19. iDicionário AuleteArchived 2012-02-29 at theWayback Machineপৰ্টূগীজ
  20. পৰ্টূগীজ Eduardo Bueno,Brasil: uma História (São Paulo: Ática, 2003;ISBN 85-08-08213-4), p.36.
  21. Boxer, p. 98.
  22. 22.022.1Boxer, p. 100.
  23. Boxer, pp. 100–101.
  24. 24.024.1Skidmore, p. 27.
  25. Boxer, p. 101.
  26. Boxer, p. 108
  27. 27.027.1Boxer, p. 102.
  28. Skidmore, pp. 30, 32.
  29. Skidmore, p. 36.
  30. Boxer, p. 110
  31. Skidmore, p. 34.
  32. Skidmore, pp. 32–33.
  33. Bueno, pp. 80–81.
  34. Facsimiles of multiple original documents relating about the events in Brazil in the 17th century that led to a Dutch influence and their final defeat
  35. Calmon, p. 294.
  36. Bueno, p. 86.
  37. Boxer, p. 164.
  38. Boxer, pp. 168, 170.
  39. Boxer, p. 169.

Bibliography

[সম্পাদনা কৰক]
  • Azevedo, Aroldo.O Brasil e suas regiões. São Paulo: Companhia Editora Nacional, 1971.পৰ্টূগীজ
  • Barman, Roderick J.Citizen Emperor: Pedro II and the Making of Brazil, 1825–1891. Stanford: Stanford University Press, 1999.ISBN 0-8047-3510-7ইংৰাজী
  • Boxer, Charles R..O império marítimo português 1415–1825. São Paulo: Companhia das Letras, 2002.ISBN 85-359-0292-9পৰ্টূগীজ
  • Bueno, Eduardo.Brasil: uma História. São Paulo: Ática, 2003.পৰ্টূগীজISBN 85-08-08213-4
  • Calmon, Pedro.História da Civilização Brasileira. Brasília: Senado Federal, 2002.পৰ্টূগীজ
  • Carvalho, José Murilo de.D. Pedro II. São Paulo: Companhia das Letras, 2007.পৰ্টূগীজ
  • Coelho, Marcos Amorim.Geografia do Brasil. 4th ed. São Paulo: Moderna, 1996.পৰ্টূগীজ
  • Diégues, Fernando.A revolução brasílica. Rio de Janeiro: Objetiva, 2004.পৰ্টূগীজ
  • Enciclopédia Barsa. Volume 4: Batráquio – Camarão, Filipe. Rio de Janeiro: Encyclopædia Britannica do Brasil, 1987.পৰ্টূগীজ
  • Fausto, Boris and Devoto, Fernando J.Brasil e Argentina: Um ensaio de história comparada (1850–2002), 2nd ed. São Paulo: Editoria 34, 2005.ISBN 8573263083পৰ্টূগীজ
  • Gaspari, Elio.A ditadura envergonhada. São Paulo: Companhia das Letras, 2002.ISBN 85-359-0277-5পৰ্টূগীজ
  • Janotti, Aldo.O Marquês de Paraná: inícios de uma carreira política num momento crítico da história da nacionalidade. Belo Horizonte: Itatiaia, 1990.পৰ্টূগীজ
  • Lyra, Heitor.História de Dom Pedro II (1825–1891): Ascenção (1825–1870). v.1. Belo Horizonte: Itatiaia, 1977.পৰ্টূগীজ
  • Lyra, Heitor.História de Dom Pedro II (1825–1891): Declínio (1880–1891). v.3. Belo Horizonte: Itatiaia, 1977.পৰ্টূগীজ
  • Lustosa, Isabel.D. Pedro I: um herói sem nenhum caráter. São Paulo: Companhia das letras, 2006.ISBN 85-359-0807-2পৰ্টূগীজ
  • Moreira, Igor A. G.O Espaço Geográfico, geografia geral e do Brasil. 18. Ed. São Paulo: Ática, 1981.পৰ্টূগীজ
  • Munro, Dana Gardner.The Latin American Republics; A History. New York: D. Appleton, 1942.ইংৰাজী
  • Schwarcz, Lilia Moritz.As barbas do Imperador: D. Pedro II, um monarca nos trópicos. 2nd ed. São Paulo: Companhia das Letras, 1998.ISBN 85-7164-837-9পৰ্টূগীজ
  • Skidmore, Thomas E.Uma História do Brasil. 4th ed. São Paulo: Paz e Terra, 2003.পৰ্টূগীজISBN 85-219-0313-8
  • Souza, Adriana Barreto de.Duque de Caxias: o homem por trás do monumento. Rio de Janeiro: Civilização Brasileira, 2008.পৰ্টূগীজISBN 978-85-200-0864-5
  • Vainfas, Ronaldo.Dicionário do Brasil Imperial. Rio de Janeiro: Objetiva, 2002.ISBN 85-7302-441-0পৰ্টূগীজ
  • Vesentini, José William.Brasil, sociedade e espaço – Geografia do Brasil. 7th Ed. São Paulo: Ática, 1988.পৰ্টূগীজ
  • Vianna, Hélio.História do Brasil: período colonial, monarquia e república, 15th ed. São Paulo: Melhoramentos, 1994.পৰ্টূগীজ

Further reading

[সম্পাদনা কৰক]
  • Alves, Maria Helena Moreira (1985). State and Opposition in Military Brazil. প্ৰকাশক Austin, TX: University of Texas Press. 
  • Amann, Edmund (1990). The Illusion of Stability: The Brazilian Economy under Cardoso. World Development (pp. 1805–1819). 
  • "Background Note: Brazil". US Department of State. http://www.state.gov/r/pa/ei/bgn/35640.htm। আহৰণ কৰা হৈছে: 2011-06-16. 
  • Bellos, Alex (2003). Futebol: The Brazilian Way of Life. প্ৰকাশক London: Bloomsbury Publishing plc. 
  • Bethell, Leslie (1991). Colonial Brazil. প্ৰকাশক Cambridge: CUP. 
  • Costa, João Cruz (1964). A History of Ideas in Brazil. প্ৰকাশক Los Angeles, CA: University of California Press. 
  • Fausto, Boris (1999). A Concise History of Brazil. প্ৰকাশক Cambridge: CUP. 
  • Furtado, Celso. The Economic Growth of Brazil: A Survey from Colonial to Modern Times. প্ৰকাশক Berkeley, CA: University of California Press. 
  • Leal, Victor Nunes (1977). Coronelismo: The Municipality and Representative Government in Brazil. প্ৰকাশক Cambridge: CUP. 
  • Malathronas, John (2003). Brazil: Life, Blood, Soul. প্ৰকাশক Chichester: Summersdale. 
  • Martinez-Lara, Javier (1995). Building Democracy in Brazil: The Politics of Constitutional Change. Macmillan. 
  • Prado Júnior, Caio (1967). The Colonial Background of Modern Brazil. প্ৰকাশক Los Angeles, CA: University of California Press. 
  • Schneider, Ronald (1995). Brazil: Culture and Politics in a New Economic Powerhouse. Boulder Westview. 
  • Skidmore, Thomas E. (1974). Black Into White: Race and Nationality in Brazilian Thought. প্ৰকাশক Oxford: Oxford University Press. 
  • Wagley, Charles (1963). An Introduction to Brazil. প্ৰকাশক New York, New York: Columbia University Press. 
  • The World Almanac and Book of Facts: Brazil. প্ৰকাশক New York, NY: World Almanac Books. 2006. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সতব্ৰাজিল সম্পৰ্কীয় মিডিয়া ফাইল আছে।


 ভৌগোলিক অৱস্থান
"https://as.wikipedia.org/w/index.php?title=ব্ৰাজিল&oldid=382227"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp