Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

বাঁহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই প্ৰবন্ধটো বাঁহী নামৰ বাদ্যযন্ত্ৰটোৰ বিষয়ে। আন ব্যৱহাৰৰ বাবেবাঁহী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
বাঁহী
সুষিৰ বাদ্য
শ্ৰেণীসুষিৰ বাদ্য
আনুষঙ্গিক বাদ্য
পেঁপা,সুতুলী

বাঁহী (ইংৰাজী:Flute) অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বাঁহীক অসমতমুৰুলী,বংশী,বেণু,বাঁশী আদি বহু নামেৰে জনা যায়।[1] বাঁহীবিহুৰ এক উল্লেখযোগ্য বাদ্য। বিশেষকৈ ভগৱানশ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েইলোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তিচীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন।[1]

ব্যৱহাৰ

[সম্পাদনা কৰক]

বাঁহী মূলতঃ বৈষ্ণৱ সংগীতৰ অংগ হলেও আন বহুতো অসমীয়া লোক সংগীতত বাঁহী ব্যৱহাৰ হয়। বিহু গীতৰ সৈতেও বাঁহী বজোৱা হয়।গোৱালপাৰা অঞ্চলৰমনসা পূজাত বমবাঁশী নামেৰে একধৰণৰ বাঁহী ব্যৱহাৰ কৰা হয়। অসমত বসবাস কৰামিচিং ,ৰাভা,বড়ো আদি সকলো জনগোষ্ঠীৰ সংগীতত বাঁহীৰ ব্যৱহাৰ হয় যদিও নিৰ্মাণ প্ৰণালী তথা ব্যৱহাৰৰ বিভিন্নতা আছে। অসমৰদেওধনী নৃত্যত বাঁহী ব্যৱহাৰ কৰা হয়। বাঁহী অসমৰবৰগীত,বিহুগীত ,কামৰূপীয়া লোকগীত, আদিৰ উপৰিওভাওনা বাৰাসত বাঁহীৰ প্ৰয়োগ অপৰিহাৰ্য্য। বাঁহী এবিধ স্থিৰ সুৰৰ (Fixed Tune) বাদ্য হোৱা বাবে বিভিন্ন উদেশ্যত ব্যৱহাৰ হোৱা বাঁহীৰ আকাৰ তথা নিৰ্মাণ প্ৰণালীৰ প্ৰভেদ দেখা পোৱা যায়।[1]

নিৰ্মাণ প্ৰণালী

[সম্পাদনা কৰক]

দীঘল, পাতল আৰু সুষম ব্যাসৰ এটা বাঁহৰ পাবৰ পৰা বাঁহী তৈয়াৰ কৰা হয়। কেতিয়াবা দীঘল বাঁহী তৈয়াৰ কৰিবলৈ বাঁহৰ গাঁঠি লোৰ শলা গৰম কৰি ফুটাই লোৱাও দেখা যায়। বাঁহীৰ এটা মূৰ সোপা মাৰি বন্ধ কৰা হয়। আৰু সোপাটোৰ ওচৰতে এটা বৃত্তাকাৰ ফুটা কৰা হয়। এই ফুটাত ফুঁ দি বাঁহীৰ মাত উলিওৱা হয়। গতিকে ইয়াক ইংৰাজীত "ট’ন হ’ল" (Tone Hole) বুলিব পাৰি। ফুটা কৰিবলৈ লোৰ বিন্ধনা ব্যৱহাৰ হয়। আকৌ ইয়াৰ আনফালে থিক মাজ অংশৰ পৰা সমদূৰত্বত একেধৰণে আৰু ছটা বিন্ধা কৰা হয়। এই কেইটাত আঙুলি বোলাই বাঁহীৰ সুৰ নিয়ন্ত্ৰণ কৰা বাবে এই ছটা ফুটাক ইংৰাজীত "কী হ’ল" ( Key Hole) বুলিব পাৰি। কেতিয়াবা দীঘল বাঁহীৰ একেবাৰে তলৰ ফালে আৰু এটা অতিৰিক্ত ফুটা কৰা দেখা যায়। এই অতিৰক্ত ফুটাটোৱে বাঁহী মাত্ৰা বা স্কেল নিৰ্ধাৰণ কৰে[1]

বাঁহীৰ দৈৰ্ঘ্য, Tone Hole ৰ পৰা সোপাটোৰ দূৰত্ব , বাঁহীৰ ব্যাস আদি চলক বিলাকৰ ওপৰত বাঁহীৰ সুৰ আৰু মাত্ৰা নিৰ্ভৰ কৰে।

অসমত আন এবিধ বাঁহীৰ প্ৰচলনো দেখা পোৱা যায়। এই বাঁহীৰ মুখখন ধেনুভিৰিয়াকৈ কাটি তাত এটা কাঠৰ খোপ লগোৱা হয়। খোপটো শেষ হোৱা ঠাইত বাঁহীটোত ওপৰৰ ফালে এটা ফুটা থাকে। ইয়াত আৰু বেলেগে Tone Hole ৰ আৱশ্যক নহয়। ইয়াৰ গঠন Clarinet বাদ্যৰ Mouthpiece ৰ লগত ৰিজাব পাৰি। বাকী অংশ আন বাঁহীৰ লগত একেই। অৱশ্যে পেচাদাৰী বাঁহীবাদকে এই বাঁহী ব্যৱহাৰ কৰা দেখা নাযায়।[1]

গোৱালপাৰাৰ মনসা পূজাত বজোৱা বমবাঁশীত এটা অতিৰিক্ত অংগ থাকে। এই বাঁহীৰ মুৰত এটা নলেৰে তৈয়াৰী খলপা লগোৱা হয়। এই খলপাটোৰ কাৰণে বাঁহী ফুঁ দিয়াৰ সময়ত বায়ুখিনি অলপ বেছি সময়ৰ বাবে থাকি যায় সেয়ে বাঁহীৰ মাত দীঘলীয়া হয়[1]

বাঁহী বাদনৰ নিয়ম আৰু কৌশল

[সম্পাদনা কৰক]

Tone Hole বা মূৰৰ ফুটাটোত ফুঁ দি বাঁহী বাদন কৰা হয়। বাকী ছটা ফুটাত আঙুলিৰে বোলাই বাঁহীৰ বিভিন্ন স্বৰ উলিয়াব পাৰি। বাঁহী মুখৰ পৰা একাষৰীয়াকৈ ধাৰণ কৰা হয়। অৱশ্যে ওপৰত উল্লেখ কৰা দ্বিতীয়বিধ বাঁহী পোনকৈ অৰ্থাৎ মুখৰ পৰা উলম্ব ভাবে ধৰি বজোৱা হয়[1]

লগতে চাওক

[সম্পাদনা কৰক]

সম্পৰ্কীয় গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • অসমৰ বাদ্যযন্ত্ৰ – শ্ৰীধৰ্মেশ্বৰ দুৱৰা – বাণী মন্দিৰ
  • বাদ্য অভিজ্ঞান – ড: দেৱজিৎ শইকীয়াৰ-অসম নাম সমাৰোহ উদযাপন সমিতি – আউনিআটি সত্ৰ
  • বিহুৰে বিৰিণা পাত – জয়কান্ত গন্ধীয়া/ নোমল গগৈ – পৃথিবীৰাজ মেডিয়া

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.01.11.21.31.41.51.6অভিজিত (২০১১). "বাঁহী". Archived fromthe original on 2013-07-29. https://web.archive.org/web/20130729145705/http://www.anvesha.co.in/assamese/bahi_as.htm। আহৰণ কৰা হৈছে: ছেপ্তেম্বৰ ৪, ২০১২. 

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সতবাঁহী সম্পৰ্কীয় মিডিয়া ফাইল আছে।

A selection of historic flutes from around the world atThe Metropolitan Museum of Art

"https://as.wikipedia.org/w/index.php?title=বাঁহী&oldid=531361"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp