Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

পিৰামিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইজিপ্তৰ খাফ্ৰেৰ পিৰামিড, নিৰ্মিত গ.  খ্ৰীষ্টপূৰ্ব ২৬০০ চন

পিৰামিড (প্ৰাচীন গ্ৰীক ভাষাৰ পৰাπυραμίς (puramís) 'পিৰামিড')[1][2] এনে এটা গঠনবিশেষ যাৰ দৃশ্যমান পৃষ্ঠবোৰ বহল ৰূপৰেখাত ত্ৰিকোণীয় আৰু ওপৰৰ ফালে অভিসৰণ কৰে, যাৰ ফলত জ্যামিতিক অৰ্থত ইয়াৰ ৰূপ মুঠতে এটা পিৰামিডৰ দৰে। পিৰামিডৰ আধাৰ যিকোনোবহুভুজ আকৃতিৰ হ’ব পাৰে—যেনেত্ৰিভুজ বাচতুৰ্ভুজ—আৰু ইয়াৰ পৃষ্ঠৰেখাবোৰ ভৰোৱা অথবা স্তৰযুক্ত হ’ব পাৰে।

কম্বোডিয়াৰ কোহ কেৰত থকা প্ৰসাত থম মন্দিৰ

পিৰামিডৰ ভৰৰ বেছিভাগ মাটিৰ ওচৰত থাকে[3] আৰু শিখৰত থকা পিৰামিডিয়ানৰ ফালে ভৰ হ্ৰাস পাই যায়। ইয়াৰ কাৰণ হৈছে উচ্চতাৰ সৈতে সৈতে উলম্ব দিশত ক্ৰছ-ছেকচনৰ ক্ষেত্ৰফল ক্ৰমান্বয়ে কমি আহে। এই ধৰণৰ ভৰ বিতৰণে প্ৰাচীন সভ্যতাসমূহক ভাৰসাম্যপূৰ্ণ আৰু দীৰ্ঘস্থায়ী বিশাল গঠনবোৰ নিৰ্মাণ কৰিবলৈ সহায় কৰিছিল।

পৃথিৱীৰ বহু ঠাইত প্ৰাচীনসভ্যতাসমূহে পিৰামিড নিৰ্মাণৰ পথ প্ৰদৰ্শন কৰিছিল। আয়তনৰ বিচাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ পিৰামিডটো হৈছেমেক্সিকোৰ পুয়েব্লা ৰাজ্যত থকা মেছ'আমেৰিকান গ্ৰেট পিৰামিড অৱ চ'লুলা। সহস্ৰাব্দ ধৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গঠনবোৰ আছিল পিৰামিড—প্ৰথমে ডাছুৰ নেক্ৰ'পলিছৰ ৰঙা পিৰামিড আৰু তাৰ পিছত খুফুৰ গ্ৰেট পিৰামিড, দুয়োটাইজিপ্তত আছে; এই অন্তিম পিৰামিডটো হৈছে প্ৰাচীন বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত একমাত্ৰ এতিয়াও অৱশিষ্ট থকা উদাহৰণ।

প্ৰাচীন পিৰামিড

[সম্পাদনা কৰক]

পিৰামিড ধৰণৰ গঠনসমূহৰ প্ৰথম উদাহৰণসমূহ প্ৰাচীন সভ্যতাৰ স্মাৰকৰূপে দেখা যায়। ইজিপ্তৰ গিজাৰ মহাপিৰামিড (খ্ৰীষ্টপূৰ্ব ২৬শ শতিকাত নিৰ্মিত) এই ধৰণৰ আটাইতকৈ প্ৰসিদ্ধ উদাহৰণ, যি ফাৰাও খুফুৰ সমাধিৰূপে কাম কৰিছিল। ইয়াৰ উপৰি মেছ'আমেৰিকামায়া, আজটেক আদিয়ে ৰাষ্ট্ৰীয়, ধৰ্মীয় তথা জ্যোতিষবিদ্যাৰ উদ্দেশ্যে পিৰামিড নিৰ্মাণ কৰিছিল। এছিয়াৰকম্বোডিয়াৰ অংকোৰ ৱাট,চীনৰ কিছুমান সমাধি, আৰুনাইজাৰ আৰুচুদানত নুবিয়ান পিৰামিডসমূহো এই ধৰণৰ গঠন ৰূপে পৰিগণিত।[4][5]

পশ্চিমএছিয়া

[সম্পাদনা কৰক]

মেছোপটেমিয়া

[সম্পাদনা কৰক]
উৰুকৰ অনু জিগুৰাট আৰু হোৱাইট টেম্পল
চোঘা জানবিলইৰানৰ খোজেস্তান প্ৰদেশত অৱস্থিত প্ৰাচীন ইলামাইট স্থাপত্য সমাহাৰ।

মেছোপটেমিয়াৰ মানুহে আটাইতকৈ প্ৰাৰম্ভিক পিৰামিড আকৃতিৰ গঠনবোৰ নিৰ্মাণ কৰিছিল, যাকজিগুৰাট বোলা হয়। প্ৰাচীন যুগত এইবোৰ উজ্জ্বলকৈসোণ বৰণীয়া কৰা হৈছিল। এইবোৰ সূৰ্যৰ তাপত শুকোৱা কেঁচামাটিৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল, আৰু বৰ্তমান সময়লৈকে খুব কম অংশহে অৱশিষ্ট আছে। জিগুৰাটসমূহ সুমেৰীয়সকল, বাবিলীয়, ইলামীয়, আক্কাদীয় আৰু আছিৰিয়াবাসীয়ে নিৰ্মাণ কৰিছিল। প্ৰত্যেকখন জিগুৰাট এটা মন্দিৰ সমাহাৰৰ অংশ আছিল, য'ত আন কিছুমান ভবনো অন্তৰ্ভুক্ত আছিল। জিগুৰাটৰ পূৰ্বসূৰিহা আছিল ওপৰলৈ ওখ কৰি তৈয়াৰ কৰা মাচা, যাৰ উদ্ভৱ উবেইদ যুগত হোৱা বুলি কোৱা হয়।[6]

আফ্ৰিকা

[সম্পাদনা কৰক]

ইজিপ্ত

[সম্পাদনা কৰক]
আকাশৰ পৰা দৃশ্যমান গীজাৰ পিৰামিড সমাহাৰৰ পিৰামিডসমূহ

আফ্ৰিকাৰ আটাইতকৈ প্ৰসিদ্ধ পিৰামিডসমূহইজিপ্তত অৱস্থিত—এইবোৰ ইট বা পাথৰেৰে নিৰ্মিত বৃহৎ গঠন, প্ৰধানকৈ চুনপাথৰেৰে, যাৰ কিছুমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ গঠনসমূহৰ ভিতৰত পৰে। এইবোৰ সূৰ্যৰ ৰশ্মিৰ আকাৰত নিৰ্মিত হৈছিল। অধিকাংশ পিৰামিডত চকচকীয়া শ্বেত চূণশিলৰে আৱৰণ দিয়া হৈছিল। এই চকচকীয়া প্ৰস্থৰবোৰৰ বহু অংশ ইতিমধ্যে খহি পৰিছে বাকাইৰো চহৰত ঘৰৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে।[7] শীৰ্ষৰ টুপীটো সাধাৰণতে চূণশিল, গ্ৰেনাইট বা বাছাল্টৰে নিৰ্মাণ কৰা হৈছিল আৰু কিছুমানত ইলেক্ট্ৰামৰ আৱৰণো থাকিব পাৰে।[8]

চুদান

[সম্পাদনা কৰক]
মেৰোইত অৱস্থিত পিৰামিডসমূহ যাৰ প্ৰৱেশদ্বাৰ পাইলনৰ দৰে
মেৰোই দ্বীপৰ পুৰাতাত্ত্বিক স্থানত নুবিয়ান পিৰামিডসমূহ

ইউৰোপ

[সম্পাদনা কৰক]

গ্ৰীচ

[সম্পাদনা কৰক]
হেল্লিনিকন পিৰামিড

স্পেইন

[সম্পাদনা কৰক]
গুইমাৰৰ পিৰামিড, টেনেৰিফে,স্পেইন

ৰোমান সাম্ৰাজ্য

[সম্পাদনা কৰক]
ইটালীৰোম চহৰত অৱস্থিত চেষ্টিয়াছৰ পিৰামিড

২৭ মিটাৰ উচ্চতাৰ চেষ্টিয়াছৰ পিৰামিড খ্ৰীষ্টপূৰ্ব ১ম শতাব্দীৰ শেষৰ ফালে নিৰ্মাণ কৰা হৈছিল আৰু পোৰ্টা ছান পাওলোৰ ওচৰত বৰ্তমানো অক্ষত অৱস্থাত আছে। আন এখন পিৰামিড, যাকমেটা ৰোমুলি বোলা হৈছিল, সেই সময়ৰএগাৰ ভাটিকানুস (আজিৰ বৰ্গো) অঞ্চলত অৱস্থিত আছিল, কিন্তু ১৫শ শতিকাৰ শেষত ভঙা হৈছিল।[9]

মধ্যযুগীয় ইউৰোপ

[সম্পাদনা কৰক]

আমেৰিকা

[সম্পাদনা কৰক]
[চাঁদৰ পিৰামিড, টেউতিহুৱাকান, যাক ১০০-৪৫০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল

মেছ’আমেৰিকা

[সম্পাদনা কৰক]
চিচেন ইট্‌জাৰ এল কাচতিল্লো

যুক্তৰাষ্ট্ৰ

[সম্পাদনা কৰক]
পূৱউত্তৰ আমেৰিকাৰ প্লেটফৰ্ম মাউণ্ডসমূহৰ বিভিন্ন উপাদানৰ এটি চিত্ৰ
কাহ'কিয়াত অৱস্থিত মঙ্কছ মাউণ্ড

এছিয়া

[সম্পাদনা কৰক]
চীনৰ উত্তৰ-পূবত অৱস্থিত জীয়ান চহৰত এটা প্ৰাচীন কোৰিয়ান সমাধি
চীনৰ কুফু চহৰৰ শাওহাও পিৰামিড

ভাৰত

[সম্পাদনা কৰক]

দক্ষিণভাৰতত চোল সাম্ৰাজ্যৰ সময়ত বহু বৃহৎ গ্ৰেনাইট শিলৰ দ্বাৰা মন্দিৰ পিৰামিড নিৰ্মাণ কৰা হৈছিল, যাৰ বহুতো আজিও ব্যৱহৃত হৈ আছে। এইবোৰৰ ভিতৰত থাঞ্জাভূৰৰ ব্ৰিহদীশ্বৰ মন্দিৰ, গংগাইকোণ্ড চোলপুৰমৰ ব্ৰিহদীশ্বৰ মন্দিৰ, আৰু দাৰাসুৰামৰ ঐৰাবতেৰশ্বৰ মন্দিৰ উল্লেখযোগ্য। সৰ্ববৃহৎ মন্দিৰৰ ক্ষেত্ৰফলৰ হিচাপত শ্ৰীৰংগমৰ ৰংগনাথস্বামী মন্দিৰক গণ্য কৰা হয়। থাঞ্জাভূৰৰ মন্দিৰটো ৰজা ৰজা চোলাই ১১শ শতিকাত নিৰ্মাণ কৰিছিল। থাঞ্জাভূৰৰ ব্ৰিহদীশ্বৰ মন্দিৰটো ১৯৮৭ চনত ইউনেস্ক'ই বিশ্বৰ ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰিছিল; গংগাইকোণ্ড চোলপুৰমৰ আৰু দাৰাসুৰামৰ মন্দিৰ দুটাক ২০০৪ চনত তালিকাভুক্ত কৰা হৈছিল।[10]

  • ১০১০ খ্ৰীষ্টাব্দত নিৰ্মিত ব্ৰিহদীশ্বৰ মন্দিৰৰ গ্ৰেনাইট গোপুৰম।
    ১০১০ খ্ৰীষ্টাব্দত নিৰ্মিত ব্ৰিহদীশ্বৰ মন্দিৰৰ গ্ৰেনাইট গোপুৰম।
  • গংগাইকোণ্ড চোলপুৰমৰ ব্ৰিহদীশ্বৰ মন্দিৰৰ গাৰ্ভগৃহৰ ওপৰৰ পিৰামিডৰ আকৃতি।
    গংগাইকোণ্ড চোলপুৰমৰ ব্ৰিহদীশ্বৰ মন্দিৰৰ গাৰ্ভগৃহৰ ওপৰৰ পিৰামিডৰ আকৃতি।
  • ঐৰাবতেৰশ্বৰ মন্দিৰৰ ভিতৰৰ পিৰামিড গঠন।
    ঐৰাবতেৰশ্বৰ মন্দিৰৰ ভিতৰৰ পিৰামিড গঠন।
  • শ্ৰীৰংগমৰ ৰংগনাথস্বামী মন্দিৰৰ গোপুৰম, যি হিন্দু দেৱতা বিষ্ণুৰ ৰংগনাথ ৰূপলৈ উৎসৰ্গিত।
    শ্ৰীৰংগমৰ ৰংগনাথস্বামী মন্দিৰৰ গোপুৰম, যিহিন্দু দেৱতাবিষ্ণুৰ ৰংগনাথ ৰূপলৈ উৎসৰ্গিত।

ইণ্ডোনেছিয়া

[সম্পাদনা কৰক]
ইণ্ডোনেছিয়াৰ মধ্য জাভাৰ বৰোবুদুৰ
জাভাৰ কেণ্ডি চুকু মন্দিৰ

অষ্ট্ৰোনেছিয়ান মেগালিথিক সংস্কৃতিৰ অংশ হিচাপেইণ্ডোনেছিয়াপুণ্ডেন বৰুন্দাক নামেৰে পৰিচিত ধাপযুক্ত পিৰামিড আকৃতিৰ মাটিৰ আৰু পাথৰৰ গঠন দেখা পোৱা যায়। এইবোৰ চিছ'লকৰ কাষৰ পাংগুগাংগান আৰু কুনিঙানৰ ওচৰৰ চিপাৰি অঞ্চলত পোৱা গৈছে।[11][12] এই ধৰণৰ পাথৰৰ পিৰামিডবোৰত বিশ্বাস কৰা হৈছিল যে পৰ্বত বা উচ্চ স্থানবোৰ পূৰ্বজৰ আত্মাৰ বাসস্থান।

পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু মধ্য এছিয়া

[সম্পাদনা কৰক]
জাপানৰ অনো-ডেৰা মন্দিৰৰ দোতো স্তূপ

পূব এছিয়াত সাধাৰণতে বৌদ্ধ স্তূপসমূহ পেগডা ৰূপে নিৰ্মাণ কৰা হৈছিল। তথাপিও কিছু পিৰামিড আকৃতিৰ স্তূপ আজিও অৱস্থিত। এক অনুমান মতে এই স্তূপবোৰ বোৰোবুদুৰৰ পৰাছুমাত্ৰা আৰুজাভাৰ ভিক্ষুসকলৰ জৰিয়তে অনুপ্ৰাণিত হৈছিল।[13]তাজিকিস্তানৰ ভ্ৰাং নামৰ স্থানত এনেদৰে এটা বৌদ্ধ স্মাৰক আজিও বিদ্যমান।[14][15] মুঠতে,কোৰিয়াৰ পূৰ্ব গেংছাং প্ৰদেশত ৪টা,জাপানত ৩টা,ইণ্ডোনেছিয়াৰ বোৰোবুদুৰত এটা আৰুতাজিকিস্তানত এটা এনেধৰণৰ ধাপযুক্ত বৌদ্ধ পিৰামিডৰ অস্তিত্ব পোৱা গৈছে।[13][15]

আধুনিক পিৰামিড

[সম্পাদনা কৰক]
  • আয়াৰলেণ্ডৰ Maudlin's Cemetery-ত প্ৰায় ১৮৪০ চনত De Burgh পৰিয়ালে দুটা পিৰামিড আকৃতিৰ সমাধি নিৰ্মাণ কৰিছিল।
  • ১৯৮৯ চনত সম্পূৰ্ণ হোৱাফ্ৰান্সপেৰিছস্থিত লুভ সংগ্ৰহালয়ৰ চৌহদত অৱস্থিত লুভ পিৰামিড
  • ট্ৰেন্সআমেৰিকা পিৰামিড, ছান ফ্ৰান্সিছকো
  • Subang Jaya-ৰ Sunway Pyramid শ্বপিং মলত পিৰামিড
  • Caracas-ত Oscar Niemeyer-ৰ ডিজাইনৰ এক সোঁৱৰণি
  • ষ‌ট'কপ'ৰ্ট, যুক্তৰাজ্যৰ ষ্ট'কপ'ৰ্ট পিৰামিড
    ষ‌ট'কপ'ৰ্ট, যুক্তৰাজ্যৰ ষ্ট'কপ'ৰ্ট পিৰামিড
  • কাৰ্লছ্ৰুহে পিৰামিড, জাৰ্মানী
    কাৰ্লছ্ৰুহে পিৰামিড,জাৰ্মানী
  • ভিয়েটনামৰ হানই মিউজিয়াম, ওলোটা পিৰামিড আকৃতিৰ
    ভিয়েটনামৰ হানই মিউজিয়াম, ওলোটা পিৰামিড আকৃতিৰ
  • স্লোভাক ৰেডিঅ' বিল্ডিং, ব্ৰাটিস্লাভা, শ্লোভাকিয়া
    স্লোভাক ৰেডিঅ' বিল্ডিং, ব্ৰাটিস্লাভা,শ্লোভাকিয়া
  • কাজান, ৰাছিয়াৰ "পিৰামিড" কমপ্লেক্স
    কাজান,ৰাছিয়াৰ "পিৰামিড" কমপ্লেক্স
  • লুজ'ৰ হোটেল, লাছ ভেগাছ
    লুজ'ৰ হোটেল, লাছ ভেগাছ
  • মেমফিছ, টেনেচিৰ পিৰামিড এৰেনা
    মেমফিছ, টেনেচিৰ পিৰামিড এৰেনা
  • কেলিফ'ৰ্ণিয়াৰ লং বীচত ৱাল্টাৰ পিৰামিড
    কেলিফ'ৰ্ণিয়াৰ লং বীচত ৱাল্টাৰ পিৰামিড

আধুনিক সমাধিসমূহ

[সম্পাদনা কৰক]
মেটাৰি কবৰস্থান, নিউ অৰলিন্স

উনবিংশ আৰু বিংশ শতিকাৰ আৰম্ভণিতে মিচৰৰ পুনৰুজ্জীৱন আন্দোলনৰ সময়ত, পিৰামিড আকৃতিৰ সমাধি স্থাপত্যত অধিক প্ৰচলিত হয়। কুইন্টিনো চেলাৰ সমাধি, ওৰোপাৰ বাহিৰত থকা কীৰ্তিচিহ্নযুক্ত কবৰস্থান আদি পিৰামিড আকৃতিৰ।[16] এই শৈলীসংযুক্ত ৰাজ্যৰ টাইকুনসকলৰ মাজতো জনপ্ৰিয় হৈছিল। চিকাগোৰ শ্বোয়েনহ'ফেন পিৰামিড মৌছলিয়াম (১৮৮৯) ফিনিক্স, এৰিজোনা হাণ্ট সমাধি (১৯৩০) উল্লেখযোগ্য। কিছুমান ব্যক্তিয়ে নিজৰ বাবে পিৰামিড সমাধি নিৰ্মাণ কৰে। অভিনেতা নিকোলাছ কেজে নিউ অৰলিন্সৰ এক প্ৰসিদ্ধ কবৰস্থানত নিজৰ বাবে এটা পিৰামিড সমাধি কিনি লৈছে।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. πυραμίς, Henry George Liddell, Robert Scott,A Greek-English Lexicon, Perseus Digital Library।Archived 2021-07-09 at theWayback Machine
  2. এই শব্দটোৰ অৰ্থ আছিল "মৌত সংৰক্ষিত ভাজি গঁজালি-গাঁজৰ এক ধৰণৰ মিঠাই।" ইজিপ্তীয় পিৰামিডসমূহৰ নাম দিয়া হৈছিল সেই মিঠাইৰ ৰূপৰ সৈতে সাদৃশ্যৰ বাবে (ৰ’বাৰ্ট এছ. পি. বিকছ,Etymological Dictionary of Greek, Brill, 2009, পৃষ্ঠা ১২৬১)।
  3. ভৰ কেন্দ্ৰ প্ৰায়ভাগ ক্ষেত্ৰতে উচ্চতাৰ চতুৰ্থাংশত অৱস্থিত — চাওকভৰৰ কেন্দ্ৰ
  4. Mark Lehner,The Complete Pyramids: Solving the Ancient Mysteries, Thames & Hudson, 1997, pp. 108–113.
  5. Joyce Marcus,Mesoamerican Writing Systems: Propaganda, Myth, and History in Four Ancient Civilizations, Princeton University Press, 1992.
  6. Crawford, page 73সাঁচ:Citation not found
  7. Viegas, Jennifer (28 April 2008). "Pyramids packed with fossil shells". ABC Science. https://www.abc.net.au/science/articles/2008/04/28/2229383.htm. 
  8. Redford, Donald B.; McCauley, Marissa (2014-04-15). "How were the Egyptian pyramids built?". Research. The Pennsylvania State University. http://www.rps.psu.edu/probing/pyramids.html। আহৰণ কৰা হৈছে: 11 December 2012. 
  9. Lacovara, Peter (2018). "Pyramids and Obelisks Beyond Egypt". Aegyptiaca (2): 124–129. doi:10.11588/aegyp.2018.2.48018. https://journals.ub.uni-heidelberg.de/index.php/aegyp/article/view/48018/41478। আহৰণ কৰা হৈছে: 17 June 2019. 
  10. "EVALUATIONS OF CULTURAL PROPERTIES". Whc.unesco.org. https://whc.unesco.org/archive/2004/whc04-28com-inf14ae.pdf। আহৰণ কৰা হৈছে: 5 March 2022. 
  11. "Pangguyangan" (id ভাষাত). Dinas Pariwisata dan Budaya Provinsi Jawa Barat. Archived fromthe original on 2019-12-24. https://web.archive.org/web/20191224184236/http://www.disparbud.jabarprov.go.id/wisata/dest-det.php?id=878&lang=id। আহৰণ কৰা হৈছে: 2017-05-17. 
  12. I.G.N. Anom; Sri Sugiyanti; Hadniwati Hasibuan (1996) (id ভাষাত). Hasil Pemugaran dan Temuan Benda Cagar Budaya PJP I. Direktorat Jenderal Kebudayaan. পৃষ্ঠা. 87. https://books.google.com/books?id=BjXkCgAAQBAJ&q=Punden+Berundak+Cipari&pg=PA87. 
  13. 13.013.1"古代における塔型建築物の伝播 ボロブドゥールと奈良頭塔の関係について". Archived fromthe original on 19 September 2021. https://web.archive.org/web/20210919210146/http://enlight.lib.ntu.edu.tw/FULLTEXT/JR-MISC/misc168127.pdf। আহৰণ কৰা হৈছে: 7 March 2021. 
  14. Salopek, Paul (2 October 2017). "The Ruby Sellers of Vrang". National Geographic Magazine. https://outofedenwalk.nationalgeographic.org:443/articles/2017-10-ruby-sellers-vrang/। আহৰণ কৰা হৈছে: 7 March 2021. 
  15. 15.015.1Salopek, Paul (14 July 2015). "ブァン仏教遺跡と熊山遺跡の比較検討". National Geographic Magazine. Archived fromthe original on 15 June 2021. https://web.archive.org/web/20210615090607/http://kiwarabi.html.xdomain.jp/vantokumarama.pdf। আহৰণ কৰা হৈছে: 7 March 2021. 
  16. Luisa Bocchietto, Mario Coda and Carlo Gavazzi. "THE OTHER OROPA: A Guide to the Monumental Cemetery of the Sanctuary". Archived fromthe original on 2014-05-17. https://web.archive.org/web/20140517152603/http://www.santuariodioropa.it/db/images/pdf/guida_cimitero_monumentale_en.pdf। আহৰণ কৰা হৈছে: 2013-06-21. 
  17. "Nicolas Cage's Pyramid Tomb". Atlasobscura.com. https://www.atlasobscura.com/places/nicolas-cage-s-pyramid-tomb। আহৰণ কৰা হৈছে: 18 June 2019. 
"https://as.wikipedia.org/w/index.php?title=পিৰামিড&oldid=563317"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp