বায়ু দানৱৰ সৈতে যুদ্ধ কৰি থাকোঁতে ছুনছুন ৱুকং (孙悟空),ছুন-ৱু-কং,ছুন-ৱু-কাং,ছুন-হৌ-জি,ছুন-হৌ-জে,পি-মা-ৱেন বাবান্দৰ ৰজা এজন চীনা দেৱতা। তেওঁছিয়ৌ জি (পাশ্চাত্যলৈ যাত্ৰা)) উপন্যাসৰ এক মুখ্য চৰিত্ৰ, যি উপন্যাসচীনৰচাৰি মহান উপন্যাসৰ অন্যতম। তেওঁ নিজৰ অদমনীয় উৎপাতৰ বাবে কুখ্যাত।[1]
চীনা বিশ্বাসৰ মতে, সময়ৰ আৰম্ভণিত ফল আৰু ফুলৰ পৰ্বতত এটি শিলে প্ৰকৃতিৰ সততা আৰু 'ছি ঊৰ্জা' শুহি আছিল। এদিন এই গৰ্ভৱতী শিলে এটি বান্দৰক জন্ম দিলে। সেই বান্দৰ হ'ল বান্দৰৰ ৰজা। ৰং-আমোদত জীৱন কটোৱা ৰজাজনৰ মনত পিছলৈ ভয় আহিল মৃত্যুৰ। অমৰ হ'বলৈ তেওঁ দাও সন্ত সুবোধি (ছুব'ধি)ৰ শৰনাপন্ন হ'ল।
গুৰূৰ কাষত ছুনবান্দৰ ৰজাৰ দুষ্টালি দেখি সুবোধিয়ে তেওঁক 'শূন্যতাৰ সচেতন ছাত্ৰ' নাম দিলে। প্ৰথমে অৰ্থ বুজি নাপায় বান্দৰ ৰজা সুখী হ'ল। পিছলৈ তেওঁ বুজিলে যে নামটোৱে তেওঁৰ মূৰৰশূন্যতাক বুজাইছিল। তেওঁ গুৰুৰ পৰা৭২ সলনি আদিৰ বিষয়ে শিকি নিজৰ ৰাজ্যলৈ উভতিল। দেখিলে যে তেওঁৰ প্ৰজা এজনৰাক্ষসৰ ভয়ত গ্ৰস্ত। জাদুৰে একো কৰিব নোৱাৰি তেওঁড্ৰেগন ৰজাআও কুঁৱাঙৰ জাদুৰ ইচ্ছা পূৰণকাৰী লাঠি ল'লে আৰু ৰাক্ষসজনক মাৰিলে।
ছুন কুঁৱাং আছিল অতিকৈ উৎপতীয়া। অদৰকাৰী কৰ্ম আতৰাবলৈ স্বৰ্গৰ ৰজাজে'ড ৰজাই ছুনক স্বৰ্গত অবৈতনিক কাম এটি দিলে। এদিনলৈকে জে'ড ৰজাৰ বুদ্ধি সফল হ'লেও পিছলৈ বান্দৰ ৰজাই বুজিলে যে তেওঁ পোৱা স্বৰ্গৰ অস্তবলৰ চোৱা-চিতা কৰা লোকৰ কাম অস্তবলৰ ঘোঁৰাৰ গোবৰতকৈও নীম্ন-মানৰ, তেওঁ জে'ড ৰজাৰ দৰবাৰলৈ গৈ ভাবুকি দিলে। উপায় নাপায়ব্ৰহ্মাণ্ডৰ ৰজাই তেওঁক "মহান সন্ত, স্বৰ্গৰ সমক্ষ" উপাধি দিলে। বান্দৰ ৰজাই উত্তৰ দিলে "সেয়া ভাল"।[2]
- কিছু পণ্ডিতৰ মতে এই চৰিত্ৰ ছুৱানঝাঙৰ প্ৰথম শিষ্য ছি বাণ্ট'ৰ পৰা উদ্ভৱ[3]
- কোনো কোনোৰ মতে এই চৰিত্ৰহিন্দুৰামায়ণৰহনুমানৰ ওপৰত আধাৰিত।[4]
- এই চৰিত্ৰ জাৰ্ণি টু দা ৱে'ষ্ট বা পাশ্চাত্যলৈ যাত্ৰা উপন্যাসত ইমানেই গুৰুত্বপূৰ্ণ যে আৰ্থাৰ ৱেলিয়ে ইংৰাজীত এই উপন্যাসখনমাংকি(বান্দৰ) বুলি অনুবাদ কৰিলে।
- ২০০৮ অলিম্পিক্সৰ "মংকি: জাৰ্ণি টু দা ৱে'ষ্ট" অ'পেৰা ছুনৰ কাহিনীৰ ওপৰত আধাৰিত
- মাংগা অনুষ্ঠান "ড্ৰেগন বল"ৰ মুখ্য চৰিত্ৰ "গ'কু" ছুনৰ ওপৰত আধাৰিত