Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

গৰ্ভপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰৰোচিত গৰ্ভপাত
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

আন্তৰ্জাতিক গৰ্ভপাত আইন[1]
আই.চি.ডি.-10O04
আই.চি.ডি.-9779.6
ডিজিজেছ ডে'টাবে'ছ4153
মেডলাইন প্লাছ002912
ইমেডিচিনarticle/252560

গৰ্ভপাত (ইংৰাজী:Abortion)বা ভ্ৰূণহত্যা হৈছে কোনোভ্ৰূণ গৰ্ভৰ বাহিৰত জীয়াই থাকিবলৈসক্ষম হোৱাৰ আগতেই গৰ্ভৰ পৰা অপসাৰণ অথবামাতৃগৰ্ভৰ পৰা জোৰপূৰ্বক বাহিৰ কৰি দিগৰ্ভধাৰণৰ অবসান ঘটোৱা কাৰ্য। গৰ্ভপাত স্বয়ংক্ৰিয়ভাবেও হ'ব পাৰে, এইক্ষেত্ৰত ইয়াক প্ৰায়েইস্বতঃস্ফূৰ্ত গৰ্ভপাত বোলা হয়। ই উদ্দেশ্যমূলকভাবেও হ'ব পাৰে এইক্ষেত্ৰত ইয়াকপ্ৰৰোচিত গৰ্ভপাত বোলা হয়।গৰ্ভপাত পৰিভাষাটো বেছি ভাগ ক্ষেত্ৰত কোনো মানবীয় গৰ্ভধাৰণৰ প্ৰৰোচিত গৰ্ভপাতকে বুজায়। ভ্ৰূণ নিজে নিজে জীয়াই থাকিবলৈ সক্ষম হোৱাৰ পিছত এই একেই প্ৰক্ৰিয়া সংঘটিত হলে চিকিৎসাবিজ্ঞানৰ ভাষাত ইয়াক "গৰ্ভাৱস্থাৰ বিলম্বিত অবসান" বোলা হয়।[2]

প্ৰৰোচিত গৰ্ভপাতৰ বাবে আধুনিক চিকিৎসাবিদ্যাত ঔষধ অথবা অস্ত্ৰোপচাৰ পদ্ধতি ব্যবহৃত হয়।মিফেপ্ৰিষ্টন আৰুপ্ৰোষ্টাগ্লোণ্ডিন নামৰ ঔষধ দুটিপ্ৰথম তিনি মাহত অস্ত্ৰোপচাৰ পদ্ধতিৰ দৰেই কাৰ্যকৰ।[3][4]দ্বিতীয় তিনি মাহত ঔষধৰ ব্যৱহাৰ কাৰ্যকৰী হলেও[5] অস্ত্ৰোপচাৰ পদ্ধতিৰ ক্ষেত্ৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আশংকা কম বুলি ভবা হয়।[4]জন্মনিয়ন্ত্ৰণ-ইয়াৰ ভিতৰত আছেপিল আৰুযোনিপথত ব্যৱহাৰ্য সঁজুলিসমূহ যি গৰ্ভপাতৰ ঠিক পিছৰ পৰাই ব্যৱহাৰ আৰম্ভ কৰা হয়।[4] গৰ্ভপাত উন্নত বিশ্বত স্থানীয় আইনৰ দ্বাৰা সমৰ্থিত হৈ থাকিলে, ই চিকিৎসাবিজ্ঞানত সকলোতকৈ নিৰাপদ ব্যবস্থাবোৰৰ অন্যতম হৈ উঠাৰ ইতিহাস আছে।[6][7] জটিলতাহীন গৰ্ভপাতে কোনো দীৰ্ঘস্থায়ী মানসিক বা শাৰীৰিক স্বাস্থ্যগত সমস্যা নঘটায়।[8]বিশ্ব স্বাস্থ্য সংস্থা প্ৰকাশ কৰিছে যে, এই একে স্তৰৰ নিৰাপদ আৰু বৈধ গৰ্ভপাতৰ বিষয়টি বিশ্বজুৰি সকলো নাৰীৰ বাবে সহজলভ্য হোৱা উচিত।[9] কিয়নো,অনিৰাপদ গৰ্ভপাতৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৪৭,০০০ নাৰীৰমাতৃত্বজনিত মৃত্যু[8] আৰু ৫ নিযুত নাৰী চিকিৎসালয়ত ভৰ্তিৰ হব লগা হয়।[10]

বিশ্বজুৰি প্ৰতিবছৰ ৪৪ নিযুত গৰ্ভপাত সম্পন্ন হয়, ইয়াৰ ভিতৰত অৰ্ধেকতকৈ সামান্য কমসংখ্যক অনিৰাপদভাবে সম্পন্ন কৰা হয়।[11] গৰ্ভপাতৰ হাৰ ২০০৩ আৰু ২০০৪ চনৰ ভিতৰত সামান্য পৰিবৰ্তন হৈছে,[11] যদিও পূৰ্ববৰ্তী দশকবোৰোতকৈ বৰ্তমানপৰিয়াল পৰিকল্পনা আৰুজন্মনিয়ন্ত্ৰণ বিষয়ক শিক্ষাৰ প্ৰসাৰৰ কাৰণে গৰ্ভপাতৰ হাৰ কিছু কমিছে।[12] ২০০৮ চনৰ তথ্য অনুসৰি, বিশ্বৰ শতকৰা চল্লিশ ভাগ নাৰীৰ "কোনো কাৰণ নেদেখুৱাকৈ" বৈধ প্ৰৰোচিত গৰ্ভপাত ঘটোৱাৰ অধিকাৰ আছে।[13] সেয়ে, এইক্ষেত্ৰত গৰ্ভধাৰণৰ পিছৰ ঠিক কিমান সময় পৰ্যন্ত সেয়া কৰিব পৰা যায়, সেই সীমা নিৰ্ধাৰিত আছিল।[13]

প্ৰৰোচিত গৰ্ভপাতৰ দীৰ্ঘইতিহাস আছে। বিভিন্ন পদ্ধতিত গৰ্ভপাত কৰা হয়, যাৰ ভিতৰত, প্ৰাচীনকালৰ পৰা চলি অহাভেষজ ঔষধসমূহ, ধাৰথকা সৰঞ্জামৰ ব্যৱহাৰ,শাৰীৰিক আঘাত আৰু অন্যান্যগতানুগতিক পদ্ধতি আদি অন্তৰ্ভুক্ত।[14] বিশ্বজুৰিগৰ্ভপাত বিষয়ক আইন, কিমান ঘনে ঘনে সম্পন্ন কৰা হৈছে, আৰু সাংস্কৃতিক আৰু ধৰ্মীয় মৰ্য্যদা ক্ষেত্ৰত ব্যাপক ভিন্নতা আছে। কিছু কিছু ক্ষেত্ৰত, বিশেষ পৰিস্থিতিৰ সাপেক্ষে গৰ্ভপাত বৈধ, যেনে:আত্মীয় কৰ্তৃক যৌননিগ্ৰহ, ধৰ্ষণ,ভ্ৰূণৰ সমস্যা থকা, আৰ্থ-সামাজিক বিষয় অথবা মাতৃৰ স্বাস্থ্যজনিত সমস্যা থকা আদি।[15] বিশ্বৰ অনেক স্থানত গৰ্ভপাতৰ নৈতিক,নীতিগত, আৰু আইনগত বিষয়সমূহক লৈগণ মতদ্বৈততা আছে। ইয়াৰ ভিতৰতগৰ্ভপাতৰ বিৰুদ্ধে তোলা সাধাৰণ যুক্তি এই যে, "এই ভ্ৰূণ হৈছেজীৱন ধাৰণৰ অধিকাৰসম্পন্ন একো একোজন মানুহ আৰু সেয়ে গৰ্ভপাতকহত্যাকাণ্ডৰ সৈতে তুলনা কৰিব পাৰি"।[16][17] আনহাতেগৰ্ভপাতৰ অধিকাৰ সমৰ্থন কৰাসকলৰ মতে "এগৰাকী নাৰীৰ নিজৰ শৰীৰৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে"[18] আৰু ইয়াৰ লগতে তেওঁলোকে সাধাৰণভাবেমানৱাধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে।[9]

মানসিক স্বাস্থ্য

[সম্পাদনা কৰক]

অবাঞ্ছিত গৰ্ভাৱস্থাৰ বাদে গৰ্ভপাত আৰু মানসিক স্বাস্থ্যৰ মাজত কোনো সম্পৰ্ক থকাৰ কোনো তথ্য বৰ্তমানলৈকে নাই। আমেৰিকান ছাইক'লজিকেল এচ'ছিয়েচনৰ প্ৰতিবেদন অনুসৰি, প্ৰথম ত্ৰৈমাসিক কালত কোনো মহিলাৰ প্ৰথম গৰ্ভপাত মানসিক স্বাস্থ্যৰ বাবে শংকাৰ কাৰণ নহয়, যেনে মহিলাসকলৰ অবাঞ্ছিত গৰ্ভাৱস্থা বহনকাৰীৰ তুলনাত মানসিক স্বাস্থ্য সমস্যাবোৰৰ সম্ভাৱনা বেছি নহয়; মহিলাৰ দ্বিতীয় বাৰৰ গৰ্ভপাত মানসিক স্বাস্থ্য ফলাফল কম নিশ্চিত। কিছু পুৰণা পৰ্যালোচনাত কোৱা হৈছিল যে গৰ্ভপাত মানসিক সমস্যাৰ সৈতে যুক্ত আছিল; কিয়নো, তেতিয়া উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰে নহৈছিল।

যদিও কিছু গবেষণাত ভ্ৰূণ অস্বাভাৱিকতাৰ কাৰণে প্ৰথম ত্ৰৈমাসিকৰ পিছত গৰ্ভপাত কৰাৰ ক্ষেত্ৰত নাৰীগৰাকীৰ নেতিবাচক মানসিক-স্বাস্থ্যৰ ফলাফল দেখুৱায়, তথাপি এই ক্ষেত্ৰত অধিক গবেষণাৰ প্ৰয়োজন আছে। গৰ্ভপাতৰ প্ৰস্তাৱিত নেতিবাচক মানসিক প্ৰভাৱবোৰ "গৰ্ভপাতৰ পিছৰ প'ষ্ট" নামৰ এক পৃথক অৱস্থা হিচাপে গৰ্ভপাত বিৰোধীৰ দ্বাৰা উল্লেখ কৰা হৈছে, কিন্তু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিকেল বা মানসিক চিকিৎসাকৰ্মীৰ দ্বাৰা স্বীকৃত নহয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "World Abortion Policies 2013". United Nations Department of Economic and Social Affairs, Population Division. 31 July 2013. http://www.un.org/en/development/desa/population/publications/pdf/policy/WorldAbortionPolicies2013/WorldAbortionPolicies2013_WallChart.pdf. 
  2. Grimes, DA; Stuart, G (2010). "Abortion jabberwocky: the need for better terminology". Contraception: 93–6. doi:10.1016/j.contraception.2009.09.005. PMID 20103443. 
  3. Kulier, R; Kapp, N; Gülmezoglu, AM; Hofmeyr, GJ; Cheng, L; Campana, A. "Medical methods for first trimester abortion.". The Cochrane database of systematic reviews: CD002855. doi:10.1002/14651858.CD002855.pub4. PMID 22071804. 
  4. 4.04.14.2Kapp, N; Whyte, P; Tang, J; Jackson, E; Brahmi, D. "A review of evidence for safe abortion care.". Contraception: 350–63. doi:10.1016/j.contraception.2012.10.027. PMID 23261233. 
  5. Wildschut, H; Both, MI; Medema, S; Thomee, E; Wildhagen, MF; Kapp, N. "Medical methods for mid-trimester termination of pregnancy.". The Cochrane database of systematic reviews: CD005216. doi:10.1002/14651858.CD005216.pub2. PMID 21249669. 
  6. Grimes, D. A.; Benson, J.; Singh, S.; Romero, M.; Ganatra, B.; Okonofua, F. E.. "Unsafe abortion: The preventable pandemic". The Lancet: 1908–1919. doi:10.1016/S0140-6736(06)69481-6. PMID 17126724. http://www.who.int/reproductivehealth/publications/general/lancet_4.pdf. 
  7. Raymond, EG; Grossman, D; Weaver, MA; Toti, S; Winikoff, B. "Mortality of induced abortion, other outpatient surgical procedures and common activities in the United States.". Contraception: 476–479. doi:10.1016/j.contraception.2014.07.012. PMID 25152259. 
  8. 8.08.1Lohr, P. A.; Fjerstad, M.; Desilva, U.; Lyus, R.. Abortion. doi:10.1136/bmj.f7553. 
  9. 9.09.1Organization, World Health. Safe abortion: technical and policy guidance for health systems. World Health Organization. পৃষ্ঠা. 8. ISBN 9789241548434. http://apps.who.int/iris/bitstream/10665/70914/1/9789241548434_eng.pdf?ua=1. 
  10. Shah, I.; Ahman, E.. "Unsafe abortion: global and regional incidence, trends, consequences, and challenges". Journal of Obstetrics and Gynaecology Canada: 1149–58. PMID 20085681. http://www.sogc.org/jogc/abstracts/full/200912_WomensHealth_1.pdf. 
  11. 11.011.1Sedgh, G.; Singh, S.; Shah, I. H.; Åhman, E.; Henshaw, S. K.; Bankole, A.. "Induced abortion: Incidence and trends worldwide from 1995 to 2008". The Lancet: 625–632. doi:10.1016/S0140-6736(11)61786-8. PMID 22264435. http://www.guttmacher.org/pubs/journals/Sedgh-Lancet-2012-01.pdf. 
  12. Sedgh G, Henshaw SK, Singh S, Bankole A, Drescher J. "Legal abortion worldwide: incidence and recent trends". Int Fam Plan Perspect: 106–116. doi:10.1363/ifpp.33.106.07. PMID 17938093. http://www.guttmacher.org/pubs/journals/3310607.html. 
  13. 13.013.1Culwell KR, Vekemans M, de Silva U, Hurwitz M. "Critical gaps in universal access to reproductive health: Contraception and prevention of unsafe abortion". International Journal of Gynecology & Obstetrics: S13–16. doi:10.1016/j.ijgo.2010.04.003. PMID 20451196. 
  14. Joffe, Carole (১২ মে ২০১৭). Management of Unintended and Abnormal Pregnancy. John Wiley & Sons, Ltd.. http://media.wiley.com/product_data/excerpt/62/14051769/1405176962.pdf. 
  15. Boland, R.; Katzive, L.. "Developments in Laws on Induced Abortion: 1998–2007". International Family Planning Perspectives: 110–120. doi:10.1363/ifpp.34.110.08. PMID 18957353. http://www.guttmacher.org/pubs/journals/3411008.html. 
  16. Pastor Mark Driscoll (2 July 2014). "What do 55 million people have in common?". Fox News. http://www.foxnews.com/opinion/2013/10/18/what-do-55-million-people-have-in-common/. 
  17. Dale Hansen (2 July 2014). "Abortion: Murder, or Medical Procedure?". Huffington Post. http://www.huffingtonpost.com/dale-hansen/abortion-murder-or-medica_b_4986637.html. 
  18. Sifris, Ronli Noa. Reproductive Freedom, Torture and International Human Rights Challenging the Masculinisation of Torture.. Taylor and Francis. পৃষ্ঠা. 3. ISBN 9781135115227. http://books.google.ca/books?id=9pVWAgAAQBAJ&pg=PA3. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
প্ৰ    
প্ৰজনন
তন্ত্ৰ
মাতৃৰ
স্বাস্থ্য
গৰ্ভধাৰণ
সন্তান প্ৰসৱ
প্ৰজনন জীৱন
পৰিকল্পনা
গৰ্ভনিৰোধক আৰু
পৰিয়াল পৰিকল্পনা
ঋতুস্ৰাৱ
যৌন
স্বাস্থ্য
যৌন সংক্ৰমণ
অ-প্ৰজনন
স্বাস্থ্য
নাৰীৰ
বিৰুদ্ধে হিংসা
অসংক্ৰামক
ৰোগ
কৰ্কট ৰোগ
সামাজিক সাংস্কৃতিক
কাৰকসমূহ
ৰাজনীতি, গৱেষণা
আৰু ওকালতি
ৰাষ্ট্ৰসংঘ
আমেৰিকা যুক্তৰাষ্ট্ৰ
দেশ অনুযায়ী
নাৰীৰ স্বাস্থ্য
"https://as.wikipedia.org/w/index.php?title=গৰ্ভপাত&oldid=353083"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp