গৰ্ভধান (সংস্কৃত:गर्भाधान) (আক্ষৰিক অৰ্থত: গৰ্ভত শুক্ৰ স্থাপন) হিন্দু ধৰ্মৰ ১৬টা সংস্কাৰৰ ভিতৰত প্ৰথমটো সংস্কাৰ।[1]
গৰ্ভাধান হৈছে গৰ্ভ আৰু আধান (গ্ৰহণ প্ৰক্ৰিয়া)ৰ সংমিশ্ৰিত শব্দ আৰু ইয়াৰ আক্ষৰিক অৰ্থ হৈছে গৰ্ভধাৰণ। এয়া সন্তান জন্ম দিয়া দম্পতীৰ উদ্দেশ্যৰ ব্যক্তিগত অনুষ্ঠান। ই নিশেক (গৰ্ভধাৰণ আৰু গৰ্ভধাৰণ কৰোৱা)ৰ আগতে পালন কৰা এক অনুষ্ঠান।[2] কিছুমান প্ৰাচীন গ্ৰন্থত এই শব্দটোৱে কেৱল দম্পতীয়ে সন্তান জন্ম দিবলৈ যৌন সম্পৰ্ক স্থাপন কৰাক হে বুজায়, ইয়াৰবাদে আন কোনো অনুষ্ঠানৰ কথা উল্লেখ কৰা হোৱা নাই।[3]
গৃহসূত্ৰ অনুসৰি এই সংস্কাৰ সম্পন্ন কৰাৰ আৰম্ভণিতে পত্নীয়ে নতুন সাজ-পোছাক পিন্ধিব লাগে আৰু স্বামীয়ে প্ৰাকৃতিক সৃষ্টিৰ উপমা আৰু গৰ্ভধাৰণত পত্নীক সহায় কৰাৰ বাবে দেৱতাক আমন্ত্ৰণ কৰাৰ উদ্দেশ্যে বৈদিক শ্লোক আওৰাব লাগে।[4] এই আচাৰ পালনে স্বামী-স্ত্ৰী দুয়োজনে একেলগে সন্তান জন্ম দিবলৈ আৰু পৰিয়াল গঢ়িবলৈ সন্মত হোৱাক বুজায়।