গ্ৰহ (ইংৰাজী:Planet) হৈছে কোনোতৰা বামৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি
গ্ৰহৰ ইংৰাজী প্ৰতিশব্দplanet এটা পুৰনা শব্দ, ই ঐতিহাসিক,জ্যোতিৰ্বৈজ্ঞানিক, বৈজ্ঞানিক,পৌৰাণিক, আৰু ধৰ্মীয় বিষয়ৰ সৈতে জড়িত আছে। সৌৰজগতৰ কেইবাটাও গ্ৰহ খালি চকুৰে দেখা পোৱা যায়। বহুতো সংস্কৃতিত এই গ্ৰহবোৰক স্বৰ্গীয়, অথবা দেৱতা বুলি বিবেচনা কৰা হৈছিল। মানুহৰ বৈজ্ঞানিক জ্ঞানৰ অগ্ৰগতিৰ লগে লগে গ্ৰহ সম্পৰ্কীয় এই ধাৰণাসমূহ সলনি হবলৈ ধৰে।
গ্ৰীক জ্যোতিৰ্বিদ টলেমিৰ মতে গ্ৰহসমূহেভিন্ন আৰু উপ-বৃত্তাকাৰ পথেৰেপৃথিৱীক পৰিভ্ৰমণ কৰে।গ্ৰহবোৰে সূৰ্যৰ প্ৰদক্ষিণ কৰাৰ ধাৰণাটো বহু সময়ত উত্থাপন কৰা হৈছিল, যদিও ১৭শ শতিকাতগেলিলিওৰদূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰাপৰ্যবেক্ষণ কৰি প্ৰমাণ আহৰণ কৰাৰ পিছতহে ইয়াক মানি লোৱা হৈছিল।
- ↑গ্ৰহৰ এইসংজ্ঞাটোআই.এ.ইউ.ৰ দুখন পৃথক ঘোষণাপত্ৰৰ পৰা লোৱা হৈছে; ২০০৬ চনত আই.এ.ইউ.ৰ দ্বাৰা সন্মতি প্ৰকাশ কৰা এক আনুস্থানিক সংজ্ঞা, আৰু ২০০১/২০০৩ চনত সৌৰ জগতৰ বাহিৰৰ বস্তু সম্পৰ্কে আই.এ.ইউ.ৰ এক অনানুস্থানিক কাৰ্যকৰী সংজ্ঞা। আনুস্থানিক২০০৬ৰ সংজ্ঞাটো কেৱল সৌৰজগতৰ বাবে প্ৰযোজ্য, আনহাতে ২০০৩ৰ সংজ্ঞাটো অন্য তৰাৰ চাৰিওফালৰ গ্ৰহৰ বাবে প্ৰযোজ্য। ২০০৬ চনৰ আই.এ.ইউ. সন্মিলনে সৌৰজগতৰ বাহিৰৰ বিষয়টো এক জটিল বিষয় বুলি বিবেচনা কৰিছিল।