Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

কাজল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাজল

২০১৯ চনত হিন্দী কথাছবি 'টানহাজী'ৰ প্ৰচাৰ অনুষ্ঠানত
জন্ম৫ আগষ্ট, ১৯৭৪ (৫১ বছৰ)
মুম্বাই,মহাৰাষ্ট্ৰ, ভাৰত
অন্য নামকাজল দেৱগন
পেচাঅভিনেত্ৰী
সক্ৰিয় হৈ থকা সময়১৯৯২–বৰ্তমানলৈকে
মুঠ আয়২০০কোটি (২৮.০৪মিলিয়নডলাৰ)[1]
দাম্পত্যসঙ্গীঅজয় দেৱগন (বি. ১৯৯৯)
পিতৃ-মাতৃ
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদিপদ্মশ্ৰী (২০১১)

কাজল দেৱগন (ইংৰাজী:Kajol Devgan; জন্ম: ৫ আগষ্ট ১৯৭৪) ভাৰতীয় চলচ্চিত্ৰ জগততকাজল হিচাপে অধিক পৰিচিত। কাজল এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। হিন্দী ছবিৰ সৰ্বাধিক চৰ্চিত আৰু সমধিক প্ৰতিষ্ঠিত অভিনয়-শিল্পীসকলৰ ভিতৰত কাজল হৈছে অন্যতম।[2][3] কাজলে লাভ কৰা অনেক বঁটা-সন্মানৰ ভিতৰত ছটাফিল্মফেয়াৰ বঁটা অন্তৰ্ভুক্ত। উল্লেখনীয় যে, সৰ্বাধিক বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ লাভ কৰাটো কাজলৰ অন্যতম অভিলেখ। যিটো অভিলেখৰ পূৰ্বসুৰী আছিল তেখেতৰ খুৰীয়েকনূতন[4] ২০১১ চনত কাজলক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো অসামৰিক সন্মানপদ্মশ্ৰীৰে সন্মানীত কৰে।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৪ চনত ৫ আগষ্টত মুম্বাইত কাজলৰ জন্ম হয়।[6][7] কাজলৰ মাকতনুজা এগৰাকী অভিনেত্ৰী আৰু পিতৃ শমু মুখাৰ্জী এগৰাকী ছবি পৰিচালক আৰু প্ৰযোজক। ২০০৮ চনত পিতৃৰ বিয়োগ ঘটে।[8][9]

১৯৯৯ চনৰ ২৪ ফেব্ৰুৱাৰিত বলিউডৰ অভিনেতাঅজয় দেৱগনৰ সৈতে কাজলে বৈবাহিক জীৱনৰ পাতনি মেলে।[10][11]

সংক্ষিপ্ত কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯২ চনত মুক্তি লাভ কৰা ছবি 'বেখুদি' আছিল কাজলৰ প্ৰথমখন ছবি। বিদ্যালয়ত পঢ়ি থকাৰ কালতেই কাজলে সেই ছবিখনত অভিনয় কৰিছিল। সেইসময়ত কাজলৰ বয়স আছিল ষোল্ল।[12] কাজলে বৰ্ডি স্কুলত অধ্যয়ন কৰিছিল। স্কুলখনৰ নাম আছিল ছেইণ্ট জোছেফ কনভেণ্ট স্কুল, পঞ্চগিৰি। অধ্যয়নৰ বাদেও কাজলে পাঠ্যক্ৰম-বৰ্হিভূত কৰ্ম যেনে-নৃত্যাদিত অংশগ্ৰহণ কৰিছিল।[13]পৰৱৰ্তী সময়ত কাজলে শিক্ষা ত্যাগ কৰে আৰু ১৯৯৩ চনত কেৰিয়াৰৰ প্ৰথমখন ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰে।শ্বাহৰুখ খানে অভিনয় কৰা সেই ছবিখনৰ নাম আছিল বাজীগৰ। ১৯৯৪ চনত কাজলে অইন এখন সফল ছবিত অভিনয় কৰে। নাম আছিল 'য়েহ দিললগী'। কাজলে শ্বাহৰুখ খানৰ লগত একাধিক ছবিত অভিনয় কৰে, যিবোৰৰ অধিকাংশ ছবিয়েই ছুপাৰহিটৰ মৰ্যাদা পায়। তাৰে ভিতৰত 'দিলৱালে দুলহানীয়া লে জায়েংগে' (১৯৯৫) আৰু 'কুচ কুচ হোতা হ্যেয়' (১৯৯৮) হৈছে অন্যতম। এই দুয়োখন ছবিৰ জৰিয়তেই কাজলে আন্তৰ্জাতিক খ্যাতি লাভ কৰে। 'কুচ কুচ হোতা হ্যেয়' আছিল স্কটলেণ্ডত দৃশ্যগ্ৰহণ হোৱা প্ৰথমখন ভাৰতীয় ছবি।[14] পৰৱৰ্তী সময়ৰ দুখন বিশেষ ছবি 'গুপ্ত' (১৯৯৭) আৰু 'দুশমন' (১৯৯৮)ৰ জৰিয়তে কাজলে সমালোচকৰ পৰা নিৰ্মেদ ইতিবাচক সমালোচনা লাভ কৰে।[15]

২০০১ চনত কাজলে 'কভি খুচি কভি গম'ত অভিনয় কৰে আৰু তৃতীয়টো ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৬ চনত কাজলক দেখা যায়আমিৰ খানৰ লগত, এখন ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি 'ফানা'ত। ২০১০ চনত মুক্তিলাভ কৰা 'মাই নেইম ইজ খান' হৈছে কাজলৰ জীৱনৰ আন এখন গুৰুত্বপূৰ্ণ ছবি। এই দুয়োখন ছবিৰ বাবেই কাজলে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

মাকতনুজা (মাজত), আৰু ভগ্নী তনিষা (সোঁফালে)ৰ সৈতে, ২০১২ চনত ঈষা দেউলৰ বিবাহোনুষ্ঠানত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jha, Shefali (2 March 2020). "Revealed! Kajol, Ajay Devgn's net worth is peanuts compared to Akshay Kumar, Twinkle Khanna". International Business Times. https://www.ibtimes.co.in/revealed-kajol-ajay-devgns-net-worth-peanuts-comparison-akshay-kumar-twinkle-khanna-814445. 
  2. Iyengar 2012, পৃষ্ঠা. 246–254.
  3. Ramnath, Nandini (4 May 2013). "Kajol". Mint (newspaper). https://www.livemint.com/Leisure/PIrB95Jf8mO76uj5ZLIH7O/Kajol.html. 
  4. "Kajol". Zee News. https://zeenews.india.com/entertainment/celebrity-profile/Kajol.htm। আহৰণ কৰা হৈছে: 10 November 2020. 
  5. "Padma awards go filmy". Hindustan Times. 2 April 2011. Archived fromthe original on 25 January 2013. https://archive.today/20130125110518/http://www.hindustantimes.com/News-Feed/Entertainment/Padma-awards-go-filmy/Article1-680510.aspx. 
  6. Raheja, Dinesh (21 January 2003). "Sparkling spitfireTanuja". Rediff.com. https://www.rediff.com/movies/2003/jan/21dinesh.htm। আহৰণ কৰা হৈছে: 26 October 2020. 
  7. Kameshwari, A. (5 August 2020). "Kajol turns 46: Ajay Devgn, Renuka Shahane and others wish the Tribhanga actor". The Indian Express (New Delhi, India). https://indianexpress.com/article/entertainment/bollywood/kajol-birthday-wishes-ajay-devgn-renuka-shahane-6540199/. 
  8. Dawar 2006, পৃষ্ঠা. 62.
  9. Bollywood Hungama News Network (10 April 2008). "Kajol's father passed away". Bollywood Hungama. http://www.indiafm.com/movies/news/type/view/id/1179762/Kajol%27s+father+passed+away। আহৰণ কৰা হৈছে: 12 March 2008. 
  10. Srnivasan, V.S. (25 February 1999). "Quietly were they wed". Rediff.com. http://www.rediff.com/movies/1999/feb/25kaj.htm। আহৰণ কৰা হৈছে: 4 June 2012. 
  11. "Ajay Devgan & Kajol tie the knot". Bollywood Hungama. February 1999. http://www.indiafm.com/news12.htm। আহৰণ কৰা হৈছে: 13 November 2020. 
  12. Bamzai, Kaveree (22 May 2006). "Return of the natural". India Today. http://indiatoday.intoday.in/story/kajol-returns-to-unsettle-bollywood-reigning-deities/1/181245.html. 
  13. "When Kajol was head girl". Rediff.com. 22 August 2007. http://www.rediff.com/movies/report/reader/20070822.htm। আহৰণ কৰা হৈছে: 12 March 2012. 
  14. Sareen, Jaideep (23 October 2011). "Bollywood moves to Scotland". The Independent. https://www.independent.co.uk/news/bollywood-moves-to-scotland-1088031.html. 
  15. Kothari, J (29 March 2008). "She's got the look". The Telegraph. http://www.telegraphindia.com/1080329/jsp/entertainment/story_9072180.jsp. 
প্ৰ    
শ্ৰেষ্ঠ অভিনেত্ৰীৰফিল্মফেয়াৰ বঁটা
১৯৫৪-১৯৭৫
১৯৭৬-২০০০
  • লক্ষ্মী (১৯৭৬)
  • ৰাখী গুলজাৰ (১৯৭৭)
  • শাবানা আজমী (১৯৭৮)
  • নূতন (১৯৭৯)
  • জয়া বচ্চন (১৯৮০)
  • ৰেখা (১৯৮১)
  • স্মিতা পাটিল (১৯৮২)
  • পদ্মিনী কোহলাপুৰী (১৯৮৩)
  • শাবানা আজমী (১৯৮৪)
  • শাবানা আজমী (১৯৮৫)
  • দিম্পল কাপাডিয়া (১৯৮৬)
  • বঁটা প্ৰদান কৰা হোৱা নাই (১৯৮৭)
  • বঁটা প্ৰদান কৰা হোৱা নাই (১৯৮৮)
  • ৰেখা (১৯৮৯)
  • শ্ৰীদেৱী (১৯৯০)
  • মাধুৰী দীক্ষিত (১৯৯১)
  • শ্ৰীদেৱী (১৯৯২)
  • মাধুৰী দীক্ষিত (১৯৯৩)
  • জুহি চাওলা (১৯৯৪)
  • মাধুৰী দীক্ষিত (১৯৯৫)
  • কাজল (১৯৯৬)
  • কৰিশ্মা কাপুৰ (১৯৯৭)
  • মাধুৰী দীক্ষিত (১৯৯৮)
  • কাজল (১৯৯৯)
  • ঐশ্বৰ্যা ৰায় (২০০০)
  • ২০০১-২০২০
  • কৰিশ্মা কাপুৰ (২০০১)
  • কাজল (2002)
  • ঐশ্বৰ্যা ৰায় (২০০৩)
  • প্ৰীতি জিণ্টা (২০০৪)
  • ৰাণী মুখাৰ্জী (২০০৫)
  • ৰাণী মুখাৰ্জী (২০০৬)
  • কাজল (২০০৭)
  • কৰিণা কাপুৰ (২০০৮)
  • প্ৰিয়ংকা চোপ্ৰা (২০০৯)
  • বিদ্যা বালান (২০১০)
  • কাজল (২০১১)
  • বিদ্যা বালান (২০১২)
  • বিদ্যা বালান (২০১৩)
  • দীপিকা পাডুকন (২০১৪)
  • কংগনা ৰাণাৱত (২০১৫)
  • দীপিকা পাডুকন (২০১৬)
  • আলিয়া ভাট (২০১৭)
  • বিদ্যা বালান (২০১৮)
  • আলিয়া ভাট (২০১৯)
  • আলিয়া ভাট (২০২০)
  • ২০২১-বৰ্তমানলৈ
    "https://as.wikipedia.org/w/index.php?title=কাজল&oldid=380405"ৰ পৰা অনা হৈছে
    শ্ৰেণীসমূহ:
    অদৃশ্য শ্ৰেণীসমূহ:

    [8]ページ先頭

    ©2009-2025 Movatter.jp