

কাংগিনা বাকংগিনা বোকামাটি আৰু খেৰেৰে নিৰ্মিত বায়ুপ্ৰতিৰোধী বাচনত ৰখা সতেজ ফল, বিশেষকৈ আঙুৰ সংৰক্ষণ কৰাৰ পৰম্পৰাগত আফগান কৌশল।[1][2] শতিকা পুৰণি এই কৌশল আফগানিস্তানৰ গ্ৰাম্য কেন্দ্ৰ আৰু উত্তৰৰ থলুৱা, য’ত সতেজ ফল আমদানি কৰিব নোৱাৰা দূৰৱৰ্তী ঠাইৰ লোক-সম্প্ৰদায়ে গোটেই শীতকালত কাংগিনাত সংৰক্ষিত সতেজ আঙুৰ খায় আৰু ব্যৱসায়ীসকলে বজাৰত বিক্ৰীৰ বাবে আঙুৰ নিৰাপদে সংৰক্ষণ আৰু পৰিবহণ কৰিবলৈ কাংগিনা ব্যৱহাৰ কৰে।[2] আধুনিক আফগানিস্তানত কাংগিনা পদ্ধতিত সংৰক্ষিত আঙুৰ সাধাৰণতে ডাঠ চালৰ টাইফি বা কিছমিচ্ জাতৰ,[1] যিবোৰ ঋতুৰ পিছৰ কালত চপোৱা হয় আৰু ই মাটিৰ পাত্ৰত ছমাহলৈকে সতেজ হৈ থাকে।[3]
বায়ুমণ্ডলৰ প্ৰবাহ বন্ধ কৰি কৰা সংৰক্ষণৰ এক প্ৰকাৰ এই পদ্ধতিটোৱে প্লাষ্টিকৰ বেগ এটাই কৰাৰ দৰে মাটিৰে আৱদ্ধ খোলাত ফলবোৰ বন্ধ কৰি কাম কৰে, বায়ু, আৰ্দ্ৰতা আৰু অণুজীৱৰ প্ৰবাহক বাধা দিয়ে। সাধাৰণতে চৰু আকৃতিৰ দুটা অংশৰে ইয়াক গঠন কৰা হয়, যিবোৰ বোকা আৰু খেৰেৰে কৌশলগতভাৱে ভাস্কৰ্য্যৰ দৰে তৈয়াৰ কৰা হয় আৰু ৰ’দত সেকা হয় আৰু তাৰ পিছত ১–২ কিলোগ্ৰাম (২.২–৪.৪ পাউণ্ড) পৰ্যন্ত নিখুঁত ফল ভৰাই আৰু অলপ বোকামাটিৰে বন্ধ কৰি দিয়া হয়। ইহঁতক প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ পৰা আঁতৰত শুকান আৰু ঠাণ্ডা কৰি ৰখা হয়।[2] লাহে লাহে মাটিৰ সাঁফৰৰ মাজেৰে গেছ প্ৰৱেশ কৰিবলৈ লয় আৰু পাত্ৰটোত অক্সিজেন প্ৰৱেশ কৰি আঙুৰবোৰ সতেজ কৰি ৰাখে, আনহাতে টোপোলাটোৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধিয়ে আঙুৰৰ বিপাকীয় ক্ৰিয়াত বাধা দিয়ে আৰু ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰে। আঙুৰ শুকাই যোৱাত বাধা দিয়া হয় আৰু মাটিৰ তৰপটোৱে বেক্টেৰিয়া আৰু ভেঁকুৰৰ বৃদ্ধিৰ সূচনা কৰিব পৰা তৰল পদাৰ্থ শোষণ কৰে।[4]
আঙুৰক বোকা আৰু খেৰত মজুত কৰাৰ প্ৰথা দ্বাদশ শতিকাৰ পৰাই লিপিৱদ্ধ কৰা হৈছে: চেভিলানৰ কৃষিবিদ ইবন আল-আৱামে তেওঁৰ কৃষি সম্পৰ্কীয় কিতাপত বোকা বন্ধ কৰি থোৱা কাঁচৰ পাত্ৰ বা "গোবৰৰ পাচি"ত স্তৰে স্তৰে আঙুৰৰ স্তৰ স্থাপন কৰাটো আন্দালুছিয়াত সংৰক্ষণৰ এক বিদ্যমান কৌশল হিচাপে উল্লেখ কৰিছে।[5]
সতেজ ফল সংৰক্ষণৰ বাবে কাংগিনা সস্তা, পৰিৱেশ-বন্ধুত্বপূৰ্ণ আৰু ফলপ্ৰসূ পাত্ৰ।[2] ২০২৩ চনৰ এক অধ্যয়নত আঙুৰ সংৰক্ষণৰ বাবে কাংগিনা আৰু পলিষ্টাইৰিন ফেন বাকচ আটাইতকৈ ফলপ্ৰসূ পাত্ৰ বুলি ধৰা পৰিছে।[2] পাত্ৰবোৰ অৱশ্যে গধুৰ, অসহজ আৰু আৰ্দ্ৰতা শোষণ কৰাৰ প্ৰৱণতা থাকে।[2][6]