| এই প্ৰবন্ধটোৰসত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিকতথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰিবিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰিপ্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰিআলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক। উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’লগদ্য। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ'ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি। কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।
এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে। ক্ৰৌঞ্চ বিয়োগ-জনিত শোকেই আপোনা-আপুনি বাল্মিকীৰ মুখৰপৰা শ্লোকৰূপে উচ্চাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাতকবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল[1] -
মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্॥
প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃপ্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"- অৰ্থাত্ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-"বাক্যং ৰসাত্মকং কাব্যম"-অৰ্থাত্ ৰসময় বাক্যই কবিতা। পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃজনচনৰ মতে, "কবিতা হ'ল ছন্দোবদ্ধ ৰচনা। "
ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। "
অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। "
মেথিউ আৰ্নল্ডৰ মতে, "কবিতা হ'ল জীৱন-বীক্ষা। "
ক'লেৰিজৰ মতে, "উত্কৃষ্টতম শব্দপুঞ্জৰ উত্কৃষ্টতম বিন্যাসেই কবিতা।
অডেনৰ মতে, " কবিতা হ'ল স্মৰণীয় বাক্য। "
কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা। "
থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। "
ই হ'ল আৰৱৰ চাৰি শাৰীৰ কবিতা।ওমৰ খৈয়াম তেওঁৰৰুবায়েটৰ বাবে বিখ্যাত।
ই সীমিত দৈৰ্ঘ্যৰ কোৰিয়ান কবিতা। সাধাৰণতে ৪ শাৰীত লিখা হয়।
ক্কাচিদা-কবিতা ইংৰাজে নিষিদ্ধ কৰা এখন কবিতা পুথি। ইচলাম ধৰ্মত বিশ্বাসীসকলে ইয়াক ক্কাচিদা শ্বৰীফ বুলি কয়। এই ক্কাচিদা মুছলমান জাতিৰ বিভিন্ন দুৰ্যোগৰ সময়ত পাঠ কৰা হয় যাতে মুছলমানসকলে পুনৰ শক্তি লাভ কৰে। মুছলমানসকলৰ ওপৰত ক্কাচিদাৰ প্ৰভাৱ লক্ষ্য কৰিয়েই ব্ৰিটিছ বৰলাট লৰ্ড কাৰ্জন (১৮৯৯-১৯০৫)ৰ ৰাজত্বকালত ভাৰতত ইয়াক নিষিদ্ধ কৰা হৈছিল। দীঘলীয়া কবিতাক আৰৱী আৰু পাৰ্চী ভাষাত ক্কাচিদা বুলি কোৱা হয়।
লাবেৰী কবিতা (Laberi poem) হ'ল এক বিশেষ ধৰণৰ কবিতা, যিবোৰ চুটি চুটি স্তৱকত ৰচনা কৰা হয়। এই কবিতাত কম শব্দৰে ভাব প্ৰকাশ কৰিব লগা হয়। এই কবিতা ৰচনা কৰা সকলক লাবেৰী কবি বুলি কোৱা হয়। এই কবিতাত কিছুমান অনন্য বৈশিষ্ট্য আছে যিয়ে ইয়াক বিশেষ কৰি তুলিছে। কেইবাটাও স্তৱক থাকে। স্তৱকবোৰ তিনিটা শাৰী বা চৰণবিশিষ্ট হয়। তৃতীয় শাৰীটো প্ৰথম আৰু দ্বিতীয় শাৰীতকৈ দীঘল। আধুনিক সাহিত্যত ই এক অতি জনপ্ৰিয় কবিতাৰ ৰূপ। বাংলা আৰু ইংৰাজী সাহিত্যত সৰ্বাধিক লাবেৰী কবিতা ৰচনা কৰা হৈছে। এই কবিতাৰ অন্ত্যমিলৰ বিন্যাস দুই ধৰণৰ।
চতুৰ্দশপদী (Sonnet) হ'ল এক ধৰণৰ কবিতা যাৰ উদ্ভৱ হৈছিল ইউৰোপত। ইয়াৰ বৈশিষ্ট্য হ’ল এনে কবিতা ১৪টা স্তৱকত সংগঠিত আৰু প্ৰতিটো স্তৱকত মুঠ ১৪টা আখৰ থাকে।
১৬ শতিকাত ইংৰাজী চতুৰ্দশপদীয়ে প্ৰথম পৰিচিতি লাভ কৰিছিল 'টমাচ ৱাট'ৰ প্ৰয়োগৰ মাধ্যমেৰে। কিন্তু ছাৰ ফিলিপ চিডনীৰ এষ্ট্ৰফেল এণ্ড ষ্টেলা (Astrophel and Stella) (১৫৯১) প্ৰকাশৰ পাছত ইয়াৰ জনপ্ৰিয়তা বাঢ়ি যায়। পৰৱৰ্তী দুটা শতিকাত উইলিয়াম শ্বেক্সপীয়েৰ, এডমাণ্ড স্পেন্সৰ, মাইকেল ড্ৰেটনৰ দৰে ব্যক্তিয়ে চতুৰ্দশপদী কবিতাক নতুন উচ্চতালৈ লৈ যায়। এনে কবিতাৰ মূল বিষয়বস্তু আছিল নাৰীৰ প্ৰতি থকা প্ৰেম। মাইকেল মধুসুদন দত্তক বাংলা ভাষাত প্ৰথম ছনেট বা চতুৰ্দশপদী কবিতা লিখাৰ কৃতিত্ব দিয়া হয়, আৰু তেওঁৱেই এই ছনেটক বাংলা ভাষাত "চতুৰ্দশপদী" নাম দিছিল। ১৮৬৫ চনত ইটালীত থকাৰ সময়তে তেওঁ ইটালীৰ কবি পেট্ৰাৰ্কৰ দ্বাৰা অনুপ্ৰাণিত হৈ বাংলা ভাষাত চতুৰ্দশপদী কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
হাইকু (একবচন "হাইকি") হৈছে এক প্ৰকাৰৰ চুটি জাপানী কবিতা। তিনটা পংক্তিত যথাক্ৰমে ৫, ৭ এবং ৫ জাপানি শ্বাস-প্ৰশ্বাসৰ মোৰাছ মিলি মুঠ ১৭টা মোৰাছৰ সংক্ষিপ্ত পৰিসৰত এটি মুহূৰ্তত সংঘটিত মনৰ ভাব প্ৰকাশ কৰা হয়। জাপানীজ হাইকু এটা শাৰীত লিখা হয়। সেই বাক্যটোত ১৭টা মোৰাছ থাকে। হাইকু সাধাৰণতে ছবি এখনৰ বৰ্ণনাৰ বাবে লিখা হয়। মোৰাছ আৰু মাত্ৰা একে কথা নহয়। ইউৰোপীয়সকলে ১৭টা মোৰাছক ১৭টা গোট বুলি গণ্য কৰি হাইকু লিখিবলৈ আৰম্ভ কৰে। তেওঁলোকক দেখি বাংলা ভাষাত ১৭ মাত্ৰাত হাইকু লিখাৰ প্ৰথা জনপ্ৰিয় হৈ উঠিল। মোৰাছ, গোট আৰু মাত্ৰাই প্ৰতিটো ভাষাৰ নিজস্ব ছন্দ অনুসৰণ কৰে। সেই অনুসৰি ১২টা মোৰাছত ১৭টা চিলেবল হয়। ইউৰোপত ইমাজিষ্ট আন্দোলনৰ পাছত হাইকু ১৭টা চিলেবলৰ পৰিৱৰ্তে অধিক চিলেবলেৰে লিখা আৰম্ভ হয়। জেক কেৰুৱাকৰ দৰে আমেৰিকান কবিয়ে স্বীকাৰ কৰিছে যে আমেৰিকান উচ্চাৰণ জাপানী উচ্চাৰণৰ পৰা সম্পূৰ্ণ পৃথক। তেওেঁলাকে ১৭টা গোট আৰু তিনিটা বাক্যবন্ধন অস্বীকাৰ কৰি হাইকু ৰচনা কৰিছে।
অণুকথন হ'ল ৫-৭-৫-৭ মাত্ৰাবিন্যাসত ৰচিত ৪ শাৰীবিশিষ্ট এক বিশেষ ধৰণৰ ক্ষুদ্ৰতম বাংলা কবিতা। হাইকুৰ উৎপত্তি জাপানী সাহিত্যৰ পৰা হ’লেও অণুকথন একান্তভাৱে বাংলা শৈলী বা চিন্তাশৈলী আৰু বাংলা ভাষাৰ ছন্দত সৃষ্ট। বাংলা সাহিত্যত এই ক্ষুদ্ৰতম কাব্যধাৰাৰ জনক কবি নাজমুল আহসান মুছলিমী।
লিমাৰিক (Limerick) এটি ইংৰাজী শব্দ। লিমাৰিক হৈছে চুটি কবিতাৰ এক অনন্য ৰচনা শৈলী। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে। ইংৰাজী নাৰ্চাৰী ৰাইম (Nursery rhyme)ৰ পৰা ইয়াৰ উৎপত্তি।
 | ৱিকিউদ্ধৃতিতকবিতা বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- ↑সাহিত্য-সন্দৰ্শন, শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০