ইন্দ্ৰ (/ˈɪndrə/;সংস্কৃত: इन्द्र) এজনহিন্দু দেৱতা৷ ইন্দ্ৰক দেৱতা আৰু স্বৰ্গ ৰাজ্যৰ ৰজা বুলি গণ্য কৰা হয়।[4] হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ইন্দ্ৰ এজন মহাপৰাক্ৰমী দেৱতা তথা ৰজা।মহাভাৰত আৰুৰামায়ণত উল্লেখ আছে।
ঋগবেদত সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি ইন্দ্ৰৰ বিষয়ে উল্লেখ কৰা হৈছে।[9] মানৱৰ সমৃদ্ধি আৰু সুখত বাধাৰ সৃষ্টি কৰা বৃত্ৰ নামৰ দুষ্ট অসুৰক হত্যা কৰা ইন্দ্ৰ দেৱতাক মৰ্যাদাৰ ভিত্তিত তেওঁৰ শক্তিৰ বাবে পূজা কৰা হয়। ইন্দ্ৰই বৃত্ৰ আৰু তেওঁৰ "প্ৰতাৰক শক্তি"ক ধ্বংস কৰে, আৰু এই বিজয়ৰ দ্বাৰা মানৱৰ বাবে ত্ৰাণকৰ্তা স্বৰূপ বৰষুণ আৰু সূৰ্য্যৰ পোহৰ উপলভ্য কৰোৱায়।[8][10]
উত্তৰ-বৈদিক ভাৰতীয় সাহিত্যত ইন্দ্ৰৰ তাৎপৰ্য্য কিছু কমি আহে যদিও বিভিন্ন পৌৰাণিক ঘটনাত তেওঁ এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাহিনীসমূহত তেওঁক এজন শক্তিশালী নায়ক হিচাপে চিত্ৰিত কৰা হৈছে।[11]
বিষ্ণু পুৰাণৰ মতে ইন্দ্ৰ হৈছে দেৱতাৰ ৰজাই বৰণ কৰা উপাধি, হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞানৰ এক চক্ৰীয় সময় প্ৰতিটো মন্বন্তৰত পৰিৱৰ্তন ঘটে। প্ৰতিটো মন্বন্তৰৰ নিজস্ব ইন্দ্ৰ থাকে আৰু বৰ্তমানৰ মন্বন্তৰৰ ইন্দ্ৰক পুৰন্দৰ বোলা হয়।[12][13][14]
বৌদ্ধ (Indā)[15][16] আৰু জৈন[17] পৌৰাণিক কাহিনীতো ইন্দ্ৰক চিত্ৰিত কৰা হৈছে। বৌদ্ধ পৰম্পৰাৰ সংসাৰ মতবাদৰ মতে ইন্দ্ৰই দেৱতাৰ পুনৰ্জন্মৰ জগতখন শাসন কৰে।[18] কিন্তু উত্তৰ-বৈদিক হিন্দু গ্ৰন্থসমূহৰ দৰেই বৌদ্ধ গ্ৰন্থসমূহতো ইন্দ্ৰকো উপহাসৰ বিষয় আৰু মূৰ্তিৰ মৰ্যাদালৈ অবনমিত কৰা হৈছে আৰু পুনৰ্জন্ম লাভ কৰা দেৱতা হিচাপে দেখুওৱা হৈছে।[18] বৌদ্ধ আৰু হিন্দু ধৰ্মৰ দৰে জৈন পৰম্পৰাত ইন্দ্ৰ দেৱতাৰ ৰজা নহয়, বৰঞ্চ স্বৰ্গ-লোকত বাস কৰা অতিমানৱৰ ৰজা আৰু জৈন পুনৰ্জন্ম ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ অংশ।[19] তেখেতে তেখেতৰ পত্নী ইন্দ্ৰানীৰ সৈতে জৈন তীৰ্থংকৰৰ জীৱনৰ শুভ মুহূৰ্তসমূহ উদযাপন কৰিবলৈ আবিৰ্ভাৱ হয়, যিটো আইকনগ্ৰাফীয়ে স্বৰ্গত বাস কৰা অতিমানৱৰ ৰজা আৰু ৰাণীয়ে এজন জৈনৰ আধ্যাত্মিক যাত্ৰাক শ্ৰদ্ধাৰে চিহ্নিত কৰাৰ ইংগিত দিয়ে।[20][21] গ্ৰীক পৌৰাণিক কাহিনীত তেওঁ জিউছ তথা ৰোমান পৌৰাণিক কাহিনীত জুপিটাৰৰ সমতুল্য। ইন্দ্ৰৰ শক্তিসমূহ বৃহত্তৰ আদি-ইণ্ডো-ইউৰোপীয় পৌৰাণিক কাহিনীৰ অন্তৰ্গত অন্যান্য ভাৰত-ইউৰোপীয় দেৱতা যেনে নৰ্ছঅডিন, পেৰুণ, পাৰ্কুনাছ, জালমোক্সিছ, টাৰানিছ আৰুথৰৰ সৈতে সাদৃশ্য আছে।[8][22][23]
বৌদ্ধ ধৰ্মৰ ব্ৰহ্মাণ্ডবিজ্ঞানত ইন্দ্ৰক সুমেৰু পৰ্বতৰ ওপৰত অৱস্থিত ত্ৰয়স্ত্ৰীম্স স্বৰ্গত স্থান দিয়া হৈছে। তেওঁ পুনৰ্জন্মৰ ছয় জগতৰ ভিতৰত বৌদ্ধ পৰম্পৰাত বহুলভাৱে আকাংশা কৰাসংসাৰৰ দেৱ ৰাজ্যত বাস কৰে আৰু শাসন কৰে।[33] মানৱ জীৱনৰ অতি উত্তম কৰ্ম আৰু সঞ্চিত পুণ্যৰ পৰিণতিত ইন্দ্ৰ ৰাজ্যত পুনৰ্জন্ম লাভ হয় বুলি বৌদ্ধ ধৰ্মত বিশ্বাস কৰা হয়।[34]
↑Barrington, Nicholas; Kendrick, Joseph T.; Schlagintweit, Reinhard (18 April 2006). A Passage to Nuristan: Exploring the mysterious Afghan hinterland. I.B. Tauris. পৃষ্ঠা. 111. ISBN978-1-84511-175-5.
↑Weiss, Mitch; Maurer, Kevin (31 December 2012). No Way Out: A story of valor in the mountains of Afghanistan. Berkley Caliber. পৃষ্ঠা. 299. ISBN978-0-425-25340-3.