ইজৰাইল (ইংৰাজী:Israil;হিব্ৰু ভাষাত: מְדִינַת יִשְׂרָאֵלমেদিনাৎ ইছৰা'এল্;আৰৱী ভাষাত دَوْلَةْ إِسْرَائِيلদাউলাৎ ইজৰা'ঈল্) হৈছেমধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছেজেৰুজালেম। বিশ্বৰ ৫০খনমুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু গোলান মালভূমি ইজৰাইসৰ দখলত থকা বিতৰ্কীত স্থান হিচাপে পৰিগণিত হৈছে।
প্ৰথম বিশ্বযুদ্ধত তুৰ্কী ওছমানীয় সাম্ৰাজ্যৰ পতনৰ পাছত পেলেষ্টাইন বা ফিলিষ্টিনসহ অধিকাংশ আৰৱ এলেকা ইংলেণ্ড-ফ্ৰান্সৰ মেণ্ডেটৰ হাতলৈ যায়। ১৯১৭ চনৰ ২ নৱেম্বৰত ব্ৰিটীছ বৈদেশিক মন্ত্ৰী আৰ্থাৰ জেমছ ৱালফোৰে ইহুদীবাদীসকললৈ লিখা এখন পত্ৰত পেলেষ্টাইনী ভূখণ্ডত একন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে। এই ঘোষণাৰ মাধ্যমেৰে ফিলিস্তিন এলেকাৰ ইহুদিসকলৰ পৃথক ৰাষ্ট্ৰৰ সম্ভাৱনা উজ্জ্বল হয় আৰু বিপুলসংখ্যক ইহুদি ইউৰোপৰ পৰা ফিলিষ্টিনত বসতি স্থাপন কৰিবলৈ আহে।
১৯০৫ চনৰ পৰা ১৯১৪ চন পৰ্যন্ত ফিলিষ্টিনত ইহুদীৰ সংখ্যা আছিল মাত্ৰ কেই হেজাৰমান। কিন্তু ১৯১৪ চনৰ পাছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰা ১৯১৮ চন পৰ্যন্ত ব্ৰিটীছসকলৰ সহযোগিতাৰ ফলত ফিলিষ্টিনত ইহুদীৰ সংখ্যা ২০ হেজাৰলৈ উন্নীত হয়। ১৯১৯ চনৰ পৰা ১৯২৩ চনলৈ এই সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি পায়। ১৯৩১ চনত ইহুদীৰ সংখ্যা প্ৰায় ৫ গুণ বৃদ্ধি হৈ ১ লাখ ৮০ হেজাৰ হয়। এইদৰে ফিলিষ্টিনত ইহুদী অভিৱাসীৰ সংখ্যা উল্লেখযোগ্য হাৰত বাঢ়ি থাকে আৰু ১৯৪৮ চনত এই সংখ্যা ৬ লাখলৈ উন্নীত হয়।
১৯১৮ চনত বৃটেইনৰ সহযোগিতাত গুপ্ত ইহুদী বাহিনী "হাগানাহ" গঠিত হয়। এই বাহিনী ইহুদীবাদীসকলৰ অবৈধ ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে হাগানাহ বাহিনীৰ দায়িত্ব ফিলিষ্টিনী জনগণৰ বিৰুদ্ধে ইহুদীবাদীসকলক সহায়তা কৰা আছিল যদিও পৰৱৰ্তীকালত ই সংঘবদ্ধ সন্ত্ৰাসী বাহিনীলৈ পৰিণত হয়। ফিলিষ্টিনী জনগণৰ ঘৰবাৰী আৰু খেতিপথাৰ দখল কৰি তেওঁলোকক ফিলিষ্টিনৰ পৰা বিতাড়িত কৰা আৰু বজাৰ আৰু ৰাস্তাঘাটসহ জনসমাৱেশ স্থানত বোমা বিস্ফোৰণ ঘটাই ফিলিষ্টিনীসকলৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকক বিতাড়নৰ কাম ত্বৰান্বিত কৰা আছিল হাগানাহ বাহিনীৰ কাম।[উদ্ধৃতিৰ প্ৰয়োজন]
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৭ চনতৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ফিলিস্তিনী ভূখণ্ডক দ্বিখণ্ডিত কৰা সংক্ৰান্তৰ ১৮১ নং প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘই ফিলিষ্টিনক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱৰ অনুমোদন জনাই নিজ মাতৃভূমিৰ মাত্ৰ ৪৫ শতাংশ ফিলিষ্টিনীসকলৰ বাবে ৰাখি বাকী ৫৫ শতাংশ ভূমি ইহুদীবাদীসকলৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লয়। এইদৰে ১৯৪৮ চনৰ ১৪ মেত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰে।
- ↑TheJerusalem Law states that "Jerusalem, complete and united, is the capital of Israel" and the city serves as the seat of the government, home to the President's residence, government offices, supreme court, andparliament. TheUnited Nations and most countries do not accept the Jerusalem Law (seeKellerman 1993, পৃষ্ঠা 140) and maintain their embassies in other cities such asTel Aviv,Ramat-Gan, andHerzliya(see theCIA FactbookArchived 2021-01-03 at theWayback Machine andMap of Israel) ThePalestinian Authority seesEast Jerusalem as the capital of a futurePalestinian State and the city's final status awaits future negotiations between Israel and the Palestinian Authority (see"Negotiating Jerusalem", University of MarylandArchived 2006-05-14 at theWayback Machine). SeePositions on Jerusalem for more information.
- ↑2.02.1"Israel". The World Factbook. Central Intelligence Agency. 2007-06-19. Archived fromthe original on 2021-01-03. https://web.archive.org/web/20210103175437/https://www.cia.gov/library/publications/the-world-factbook/geos/is.html। আহৰণ কৰা হৈছে: 2007-07-20.
- ↑"Selected Data from the New Israel Statistical Abstract No. 60 - 2009". Israel Central Bureau of Statistics. 2009-09-16. http://www.cbs.gov.il/reader/newhodaot/hodaa_template.html?hodaa=200911208। আহৰণ কৰা হৈছে: 2009-10-26.
- ↑4.04.1"Israel". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=436&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=46&pr.y=11। আহৰণ কৰা হৈছে: 2009-10-01.
- ↑"Human Development Report 2009. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2009-10-10.
|
|---|
| | স্বাধীন ৰাষ্ট্ৰসমূহ | | |
|---|
| | সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ | |
|---|
| আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু বিশেষ প্ৰশাসনীয় অঞ্চলসমূহ | | অষ্ট্ৰেলিয়া | |
|---|
| | চীন | |
|---|
| | যুক্তৰাজ্য | |
|---|
|
|---|
|