অধিবৰ্ষ বালিপ ইয়েৰ হৈছেপঞ্জিকাৰ এটা অতিৰিক্তদিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনতএবছৰ হয়৷ কিন্তু প্ৰকৃততেপৃথিৱীয়েসূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫দিন ৫ঘণ্টা ৪৯মিনিট ১২ছেকেণ্ডসময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷[1]
বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷[2]
 This graph shows the variations in date and time of theJune Solstice due to unequally spaced "leap day" rules. Contrast this with the IranianSolar Hijri calendar, which has 8 leap year days every 33 years. |
যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷[3] তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে। আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰজন্মদিন পালন কৰে৷
এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-
- মোৰাৰজী দেশাই :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷
- ↑[1]Archived 2012-03-05 at theWayback Machine আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
- ↑[2] Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
- ↑Hall, C. (February 29, 2008).Leap year babies hop through hoops of joy, pain of novelty birthday.Detroit Free Press. Retrieved February 29, 2008.Archived April 27, 2013, at theWayback Machine